গুৱাহাটীৰ দীপৰ বিল সংযোগী পামহী কেনেলৰ দাঁতিত গুৱাহাটী পৌৰ নিগমে (GMC ) যোৱা বছৰৰ আগষ্ট মাহৰ প্ৰথম সপ্তাহত অবৈধ ভাৱে ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰি দূষিত আৱৰ্জনা পেলোৱাক লৈ দীপৰ বিলৰ দুয়োপাৰে বৃহত্তৰ অঞ্চলটোৰ প্ৰায় ১৬ খন গাওঁৰ ৰাইজ দুৰ্গন্ধৰ সৈতে সহাৱস্থান কৰিব লগীয়া হৈছে। আনকি বিগত সময়চোৱাত GMCয়ে ৰাইজৰ দাবীত ডাম্পিং গ্ৰাউণ্ডত বৈজ্ঞানিক পদ্ধতি ব্যৱহাৰ কৰি প্ৰদূষণৰ পৰা অঞ্চলটোক ৰক্ষা কৰিব বুলি কেবাবাৰো প্ৰতিশ্ৰুতি দিছিল। কিন্তু সেই প্ৰতিশ্ৰুতি ৰূপায়ণ নোহোৱাত দাঁতি কাষৰীয়া অঞ্চল সমূহত দুৰ্গন্ধই চানি ধৰিছে। ফলত ডাম্পিং গ্ৰাউণ্ডৰ বিপৰীত দিশত থকা পামহী কাৰ্বিপাৰা ৰাইজৰ আহ্বান মৰ্মে সোমবাৰে দীপৰ বিল আৰু দাঁতি কাষৰীয়া ৰাইজৰ সুস্থ পৰিবেশ ৰক্ষাৰ স্বাৰ্থত দীপৰ বিলৰ পাৰৰ ঐতিহাসিক শ্ৰী শ্ৰীভাঙাৰা গোঁসাই থান চৌহদত দুই ঘণ্টাযোৰা অৱস্থান কাৰ্যসূচী পালন কৰা হয়।
কাৰ্যসূচীত সদৌ অসম ট্ৰাইৱেল সংঘ, কাৰ্বি ছাত্ৰসন্থা , দীপৰ বিল পাঁচপাৰা সমবায় সমিতি, ধলবামা গ্ৰাম্য উন্নয়ন সমিতি , পামহী বড়ো সমাজ, মাঘুৱাপাৰা, দেউছতাল , পামহী , কলিতাপাৰা , নেপালীপাৰা , ধলবামা , আজাৰা ছাত্ৰ সন্থাকে ধৰি অঞ্চলটোৰ ১৬ টা দল সংগঠনৰ পুৰুষ – মহিলা নিৰ্বিশেষে দুই শতাধিক লোকে হাতে হাতে বেনাৰ, প্লে – কাৰ্ড লৈ দীপৰ বিলক ৰক্ষা কৰক, ৰেললাইন স্থানান্তৰ কৰক , ডাম্পিং গ্ৰাউণ্ডত আৱৰ্জনা পেলোৱা আৰু পামহী কেনেলৰে দীপৰ বিলত দূষিত পানী পেলোৱা বন্ধ কৰক ধ্বনি দিয়ে। দিনৰ ১০ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ অনুষ্ঠিত দুই ঘন্টাযোৰা প্ৰতিবাদী কাৰ্যসূচীত সুশীল টেৰণ, প্ৰমোদ কলিতা, উৎপল কুমাৰ দাস, গোলক দাস , সুনীল টেৰণ, ভোলা দলে, ধৰ্মেন্দৰ দেউৰীকে ধৰি কেবাজনো নেতা আৰু পৰিবেশ কর্মীয়ে প্ৰকৃতিৰ ৰম্যভূমি দীপৰ বিলক মৃত্যুমুখলৈ ঠেলি দিয়াৰ লক্ষৰে GMCয়ে ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰা, পামহী কেনেলৰে দূষিত পানী পেলোৱা আৰু শেষত এলিফেণ্ট কৰিডৰ ধ্বংস কৰি দ্বৈত ৰেললাইন নিৰ্মাণৰ কাম আৰম্ভ কৰা বুলি অভিযোগ কৰে।
আনকি দুৰ্গন্ধ নাশ কৰাৰ বাবে ২২ ফেব্ৰুৱাৰীৰ ভিতৰত বৈজ্ঞানিক পদ্ধতি তথা তেনে ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰতিশ্ৰুতি দি ডেৰমাহ পাৰ হৈ যোৱাৰ পাছতো GMC য়ে পালন নকৰাত অঞ্চলবাসীয়ে বিগত সময়চোৱাত দুর্গন্ধৰ সৈতে সহাৱস্থান কৰিব লগীয়া হৈছে বুলি কৰ্মকৰ্তা সকলে অভিযোগ কৰে। বক্তাসকলে দীপৰ বিলত অঞ্চলটোৰ মাছমৰীয়া লোকসকলৰ জীৱন নিৰ্বাহৰ বাবে পূৰ্বৰ দৰে মাছ মাৰিবলৈ দিবৰ বাবেও দাবী জনায়।