ক’ভিড নিয়ন্ত্ৰণত ৰখাৰ প্ৰচেষ্টাত, নাগালেণ্ডৰ HPCয়ে ঘোষণা কৰিছে যে, ৰাজ্যখনত লকডাউন আৰু সাত দিনৰ বাবে অৰ্থাৎ ১৮ জুনলৈ বৃদ্ধি কৰা হৈছে।
নাগালেণ্ডত লকডাউন পূৰ্বে ১১ জুনলৈ বৃদ্ধি কৰা হৈছিল।
“সকলো জিলা টাস্ক ফ’ৰ্চৰ সৈতে পুংখানুপুংখ আলোচনাৰ পিছত HPCয়ে অধিক শিথিলতাৰ সৈতে লকডাউন ১৮ জুনলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নাগালেণ্ড চৰকাৰৰ মুখপাত্ৰ এমমমহোনলুমো কিকনে টুইটাৰযোগে জনাই যে, জিলাসমূহৰ পৰিস্থিতি অনুসৰি সংশ্লিষ্ট ডিটিএফে শিথিলতাৰ বাবে প্ৰয়োজনীয় নিৰ্দেশ জাৰি কৰিব,”