ক’ৰোনা মহামাৰীৰ বৃদ্ধি হোৱা সংক্ৰমণ ৰোধ কৰিবলৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আজি নিশা ১০ বজাৰ পৰা ৬ দিনলৈ লকডাউনৰ ঘোষণা কৰিছে।
চৰকাৰৰ এই ঘোষণাৰ পিছতে দিল্লীত সুৰাৰ দোকানত এতিয়া মানুহৰ দীঘলীয়া শাৰী।
বহু সংখ্যক লোকে সুৰাৰ দোকানৰ বাহিৰত শাৰী পাতি সুৰা ক্ৰয় কৰা দেখিবলৈ পোৱা গৈছে।
কাৰণ ৬ দিনীয়া এই লকডাউনত বন্ধ থকাৰ সম্ভাৱনা সুৰাৰ দোকানসমূহ।
লকডাউন ঘোষণা কৰি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ক’লে যে,”দিল্লীত আজি নিশা ১০ বজাৰ পৰা সোমবাৰে পুৱা ৫ বজালৈ ৬ দিনৰ বাবে লকডাউন ধাৰ্য কৰা হৈছে।
বিগত ২৪ ঘণ্টাত প্ৰায় ২৩,৫০০জন লোক ক’ৰোনাত আক্ৰান্ত হৈছে।
সংক্ৰমণৰ পৰিমান বৃদ্ধি হৈ গৈ আছে। দিল্লীৰ হাস্পতালসমূহত বিছনাৰ অভাৱ হৈছে।
ঔষধৰ পৰিমান হ্ৰাস পাইছে।
Photo: ABP News