ৰাজ্যত দ্ৰুত গতিত বৃদ্ধি হৈছে ক’ৰোনা সংক্ৰমণ।
সেয়েহে আজিৰে পৰা ৰাজ্যৰ কেইবাখনো জিলাত পুনৰ বন্ধ হৈ পৰিল প্ৰাথমিক বিদ্যালয় সমূহ।
প্ৰথমৰ পৰা পঞ্চম শ্ৰেণীলৈ পাঠদান বন্ধ ।
ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰিছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
এক সংবাদমেল যোগে শিক্ষা বিভাগে প্ৰকাশ কৰিছিল যে যিবোৰ জিলাত ১০০ জনৰো অধিক লোক ক’ৰোনা সংক্ৰমিত হৈছে সেইবোৰ জিলাত আজিৰে পৰা বন্ধ হৈ পৰিব সকলো চৰকাৰী বেচৰকাৰী প্ৰাথমিক বিদ্যালয় সমূহ।
সেই জিলা সমূহ হৈছে কামৰূপ (মেট্ৰ’), কামৰূপ (গ্ৰাম্য),যোৰহাট,বৰপেটা,তিনিচুকীয়া, কাছাৰ,শোণিতপুৰ,নগাঁও।
Photo Credit: Google