অসম জাতীয় পৰিয়দৰ সভাপতি লুৰীণজ্যোতি গগৈৰ মাতৃ দুলু গগৈয়ে বুধবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে ডিব্রুগড়স্থিত সঞ্জীৱনী হাস্পতালত।
যোৱা সোমবাৰে পুৱা গোহালিত কাম কৰি থকা দুলু গগৈয়ে হঠাতে আক্ৰান্ত হৈছিল উচ্চ ৰক্তচাপত।
অতি সংকটজনক অৱস্থাত ততাতৈয়াকৈ ডিব্ৰুগড়স্থিত সঞ্জীৱনী হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।
যদিও বুধবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে লুৰীণজ্যোতি গগৈৰ মাতৃয়ে।
ইফালে নিৰ্বাচনী কাম হাজোত ব্যস্ত হৈ আছিল অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ।
মাতৃৰ মৃত্যুৰ খবৰ পোৱা মাত্ৰকে শোকত ভাগি পৰে।
তাৰ পিছতে ডিব্ৰুগড়ৰ নিজ বাসগৃহত উপস্থিত হৈ মাতৃৰ অন্তষ্টিক্ৰিয়া সম্পন্ন কৰে লুৰীণজ্যোতি গগৈয়ে ।
লুৰীণজ্যোতি গগৈৰ মাতৃৰ বিয়োগৰ পিছতে সমগ্ৰ অসমতে শোকৰ ছাঁ পৰিছে লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালকে ধৰি বিভিন্ন দলীয় নেতা তথা অসমবাসীয়ে শোক প্ৰকাশ কৰিছে।