গুৱাহাটী, ২২ জুলাইঃ আত্মসমৰ্পণ কৰিবলৈ ওলাইছে দুৰ্ধৰ্ষ উগ্ৰপন্থী এম বাথাই ৷ অসমৰ আন এক নিষিদ্ধ ঘোষিত সংগঠন নেচনেল ডেমক্ৰেটিক ফ্ৰণ্ট অব্ বড়োলেণ্ড (এন ডি এফ বি)ৰ মুৰব্বী এম বাথাই তেওঁৰ কেইবাজনো সক্ৰিয় কেডাৰৰ সৈতে আজি অসমৰ ভূমিত উপস্থিত হৈ অসম আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিব বুলি অসম আৰক্ষীৰ এক সূত্ৰযোগে জানিব পৰা গৈছে।
সূত্ৰ অনুসৰি, ২০২০ চনৰ জানুৱাৰী মাহত তৃতীয় বড়ো শান্তি চুক্তি স্বাক্ষৰ কৰাৰ পিছত বাথাই নেচনেল ডেমক্ৰেটিক ফ্ৰণ্ট অব বড়োলেণ্ড (এনডিএফবি) সংগঠনটো ভংগ কৰাৰ ঘোষণা কৰে।
অসম আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিয়া অনুসৰি বৃহস্পতিবাৰ অৰ্থাৎ আজি দুপৰীয়া ভাগত মুৰব্বী বাথাৰ লগতে আন ৬ জন নেতা আৰু ৬০ জন এন ডি এফ বি কেডাৰ ওদালগুৰি জিলাৰ অসম অৰুণাচল সীমান্তত আহি উপস্থিত হ’ব।
এনডিএফবিৰ অন্য কেডাৰসকলো আগন্তুক সপ্তাহত তেওঁলোকৰ বিভিন্ন স্থানত থকা শিবিৰসমূহৰ পৰা আহি আত্মসমর্পণ কৰিব বুলি আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়ে। এনডিএফবি পূৰ্বতে বড়োলেণ্ডৰ ৪ খন জিলাত ধন দাবীৰ কাৰ্যকলাপত জড়িত আছিল বুলি জানিব পৰা গৈছে।
ইফালে, অসম আৰক্ষীৰ বিশেষ শাখা আৰু কোকৰাঝাৰ আৰক্ষীয়ে এন ডি এফ বি নেতা এম বাথাক আনিবলৈ অৰুণাচল প্ৰদেশলৈ ঢাপলি মেলিছে।