অসমৰ অন্যতম জলাশয় হিচাপে পৰিগণিত হৈ অহা দীপৰ বিলৰ আশু আৰোগ্য কামনা কৰি, দীপৰ বিল সংৰক্ষণ তথা মাছমৰীয়া ৰাইজৰ মংগলৰ কাৰণে কাম কৰি অহা দীপৰ বিল পাঁচপাৰা সমবায় সমিতি লিমিটেডে বিগত বছৰৰ দৰে এইবেলিও জেঠ মাহৰ পুণ্য শুক্লা তিথিৰ লগত সংগতি ৰাখি ৰবিবাৰে দীপৰ বিলত পৰম্পৰাগতভাবে যাৱতীয় ৰীতি – নীতি আৰু মাংগলিক কাৰ্যৰ মাজেৰে মাঁ গংগা পুজা সম্পন্ন কৰে। এই উপলক্ষে বিলৰ গাতে লগা আজাৰা কেওটপাৰাত দীপৰ বিলখন দীর্ঘজীৱী হোৱাৰ বাবে প্ৰাৰ্থনা কৰাৰ লগতে মাছ, কাছকে ধৰি অন্য জীৱ – জন্তুৰ আশু আৰোগ্য কামনা কৰি এই গংগা পুজা কৰা সম্পন্ন কৰা হয়।
এই উপলক্ষে দীপৰ বিল পাছপাৰা সমবায় সমিতি লিমিটেডৰ সভাপতি গোলক দাসৰ ( ১) আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত সমিতিৰ সম্পাদক গোলক দাস (২), উপদেষ্টা নীৰেন দাস, ভূপেন দাস, ৰমেন দাসকে ধৰি কেবাজনো কৰ্মকৰ্তাই দীপৰ বিলৰ পুৰণি স্মৃতি ৰোমন্থন কৰি কয় ১৯৮৬/ ৮৭ চন মানৰ পৰা এই গংগা পুজা কৰি অহা হৈছে। কিয়নো, সেই সময়ছোৱাত, দীপৰ বিলৰ মাছকে ধৰি বিভিন্ন জীৱকুলৰ অচিন ৰোগত আক্রান্ত হৈ মৃত্যুমুখত পৰিছিল। অঞ্চলটোৰ ৮২৫ টা পৰিয়ালৰ লোকে দীপৰ বিলত মাছ মাৰি জীৱন নিৰ্বাহ কৰি আহিছে। দীপৰ বিলৰ প্ৰতি শ্ৰদ্ধা আৰু ভক্তিক আমিও সেৱা আৰু শ্ৰদ্ধা জনাইছোঁ। দীপৰ বিল দীৰ্ঘজীৱী হওক, তাকে মাঁ গংগাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।