দেশত ক’ৰোনা ভাইৰাছৰ আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি হৈ গৈ আছে।
ইফালে এদিনত মৃত্যু হোৱা লোকৰ মৃতদেহক অন্তিম সংস্কাৰ কৰিবলৈও সমস্যাই দেখা দিছে।
একেই ঘটনা মধ্যপ্ৰদেশৰ ৰাজধানীত সংঘটিত হয়, য’ত এদিনত ৪১জন ক’ৰোনা পজিটিভ লোকৰ অন্তিম সংস্কাৰ কৰোৱা হয়।
এয়া প্ৰথমবাৰৰ বাবে হৈছে যে ভূপালত ইমান বৃহৎ সংখ্যাত ক’ৰোনা ৰোগীৰ মৃতদেহ একেলগে অন্তিম সংস্কাৰ কৰোৱা হৈছে।
বৃহস্পতিবাৰে ভদভদা বিশ্ৰাম ঘাটত ৪১টা মৃতদেহৰ অন্তিম সংস্কাৰ হৈছে।
ইয়াৰে ৩১জন ক’ৰোনা সংক্ৰমিত মৃতদেহক ক’ৰোনা প্ৰট’কলৰ আধাৰত অন্তিম সংস্কাৰ কৰোৱা হৈছে।
ভূপালৰ পৰিস্থিতি ইমানেই ভয়ংকৰ হৈ গৈছে যে প্ৰথমবাৰৰ বাবে ভদভদা বিশ্ৰামঘাটত ক’ৰোনা সংক্ৰমিত লোকৰ বাবে তৈয়াৰ কৰা স্থান কম হৈ গৈছে আৰু নতুন ৰোগীৰ বাবে নতুন স্থান তৈয়াৰ কৰিবলগীয়া হ’ল।
৮ মহীয়া শিশুৰো ক’ৰোনাত মৃত্যু
ভূপালত ক’ৰোনাত আক্ৰান্ত হৈ ৮ মহীয়া শিশু অদীৱাই প্ৰাণ হেৰুৱায়।
ভূপালত প্ৰথমবাৰৰ বাবে ইমান কণমানিৰ ক’ৰোনাত মৃত্যু হৈছে।
Photo: ANI