মধ্যপ্ৰদেশৰ এজন অধিবক্তাই ন্যায়াধীশৰ অনুমতি অবিহনে তেওঁৰ ফটো ডাউনলোড কৰা আৰু অভদ্ৰ কমেণ্ট ব্যৱহাৰ কৰাৰ অভিযোগত জেলৰ ভাত খাবলগীয়া হৈছে।
৩৭ বছৰীয়া অধিবক্তা বিজয় সিং যাদৱৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে যে তেওঁ JMFCৰ ফেচবুক একাউণ্ট ডাউনলোড কৰে আৰু জন্মদিনত অভদ্ৰ ভাষা ব্যৱহাৰ কৰি তেওঁক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে।
বিজয় সিং যাদৱৰ বিৰুদ্ধে IT এক্টসহ আন কেইবাটাও ধাৰাৰ আধাৰত গোচৰ ৰুজু কৰা হৈছে।
অভিযোগ উত্থাপ হৈছিল যে, বিজয়ে ২৮ ফেব্ৰুৱাৰীৰ নিশা ১ বাজি ১১ মিনিটত JMFCক ইমেইলৰ জৰিয়তে মেছেজ প্ৰেৰণ কৰে।
তাৰ পিছত ৮ ফেব্ৰুৱাৰীত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল।
তেওঁৰ ওপৰত প্ৰৱঞ্চনা আৰু বদনাম কৰাৰ চেষ্টাসহ কেইবাটাও অভিযোগ উত্থাপন হৈছে।
অভিযুক্ত বিজয়ে ইমেইলৰ লগতে স্পীড পোষ্টেৰে গ্ৰীটিং কাৰ্ডো প্ৰেৰণ কৰিছিল।
বিজয় সিং বিবাহিত আৰু তেওঁৰ ৪টা সন্তান আছে।
তেওঁৰ ভাতৃয়ে ক’লে যে বিজয়ক আৰক্ষীয়ে ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰিছিল।
Photo: Google