মধ্যপ্ৰদেশৰ টিকমগড়ত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।
দিল্লীৰ পৰা প্ৰৱাসী শ্ৰমিকক লৈ যোৱা এখন বাছ টিকমগড়ত বাগৰি পৰে।
এই দুৰ্ঘটনাটোত ২জনে প্ৰাণ হেৰুৱাই, ইফালে কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়।
আহতসকলক ততালিকে হাস্পতাললৈ প্ৰেৰণ কৰা হয়।
উল্লেখ্য দুৰ্ঘটনাগ্ৰস্ত বাছখন নিজৰ ক্ষমতাতকৈ অধিক ভৰ্তি আছিল আৰু নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলত বাগৰি পৰে।
গোৱালিয়ৰ-ঝাছী ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনা
জানিবলৈ দিয়া অনুসৰি এই বাছখন গোৱালিয়ৰৰ পৰা টিকমগড়লৈ গৈ আছিল।
এই দুৰ্ঘটনাটো গোৱালিয়ৰ-ঝাছীৰ মাজত ডবৰা ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয়।
বৰ্তমান প্ৰশাসনৰ লোক ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে আৰু আহতসকলক হাস্পতালত ভৰ্তি কৰোৱাইছে।
দিল্লীত প্ৰৱাসী শ্ৰমিকসকল নিজৰ ঘৰলৈ যাবলৈ আনন্দ বিহাৰ টাৰ্মিনেলত উপস্থিত হয়।
এগৰাকী প্ৰৱাসী শ্ৰমিকে ক’লে,
“পূৰ্বৰ লকডাউনত আমি ইয়াত আৱদ্ধ হৈ গৈছিলো, যাৰ বাবে আমি এতিয়াই নিজৰ ঘৰলৈ যাব ওলাইছো।
আগৰ বাৰ আমি বহুত সমস্যাৰ সন্মুখীন হৈছিলো।”
প্ৰৱাসী শ্ৰমিকক লৈ উত্তৰ প্ৰদেশৰ মন্ত্ৰীৰ আক্ৰমণ কেজৰিৱালৰ বিৰুদ্ধে
উল্লেখ্য দিল্লীত লকডাউনৰ ঘোষণা হোৱাৰ পিছত বৃহৎ সংখ্যক প্ৰৱাসী শ্ৰমিকে নিজৰ গাঁৱৰ ঘৰলৈ উভতিছে।
প্ৰৱাসী শ্ৰমিকক লৈ উত্তৰ প্ৰদেশৰ মন্ত্ৰী সিদ্ধাৰ্থ সিঙে ক’লে যে, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে অলপ সোনকালে লকডাউন দিলে,
যাৰ বাবে ৰাইজ বহুত সমস্যাত ভুগিছে।
সোমবাৰে নিশা আমি লকডাউনৰ প্ৰভাৱ গাজিয়াবাদ, নয়দা বৰ্ডাৰত প্ৰত্যক্ষ কৰিলো। দিল্লীৰ বাছসমূহে শ্ৰমিকসকলক বৰ্ডাৰত আনি এৰি দিছে।
Photo: Google