আজি মাঘ বিহু। পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনাখন অসমীয়াই পালন কৰে মাঘৰ বিহু। পুহ মাহত শালি ধান, মাহ, তিল আদি শস্য চপাই ৰাইজে আৰু সেই ভৰাল উপচাই ৰখা শস্যৰেই উৰুকাত লগে ভাগে এসাঁজ খোৱাৰ বাবেই মাঘ বিহুক ভোগালী বিহু বুলিও কোৱা হয়। ভোগালী বিহুৰ সৈতে আছে বহু কেইটা নীতি-নিয়ম।
মাঘ বিহুৰ বহু আগৰে পৰাই পাহাৰে-ভৈয়ামে ডেকা-গাভৰুৱে মেজি আৰু ভেলাঘৰ সজাত ব্যস্ত হৈ পৰে। খেৰ, কলগছ, বাঁহ আদিৰে নিৰ্মিত এই ভেলাঘৰতেই মাঘ বিহুৰ পূৰ্বৰ নিশা অৰ্থাৎ উৰুকাত একেলগে এসাজ খায়, আনহাতে, মাঘ বিহুৰ পুৱা সৰু বৰ সকলোৱে এক পৱিত্ৰ মনেৰে মেজিৰ সন্মুখত মিলিত হয় ।
এই মেজিতেই মাহ-কৰাই, পিঠা-পনাৰ নৈবদ্য অগ্নি দেৱতালৈ আগবঢ়োৱা হয় । তাৰ পাছত পৰিয়ালৰ অথবা সমাজৰ বয়োজ্যেষ্ঠজনৰ আশীৰ্বাদেৰে সকলো মিলিত হয় ৰাতিপুৱাৰ জলপান সাজৰ বাবে।
মাঘ বিহুৰ দিনাই আহোম ৰাজত্ব কালত ৰংঘৰৰ বাকৰিত অনুষ্ঠিত হৈছিল বিভিন্ন খেল-ধেমালি। কণী যুঁজ, ম’হ যুঁজ, কুকুৰা যুঁজ, বুলুবুলি চৰাইৰ যুঁজ আদি অনুষ্ঠিত হৈছিল ৰংঘৰৰ বাকৰিত। ন্যায়ালয়ৰ নিৰ্দেশনাত যোৱা কিছু বছৰৰ পৰা অসমত ম’হ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজ নিষিদ্ধ হৈ আছিল যদিও এইবাৰ অৱশ্যে নিৰ্ধাৰিত নিয়মৰ মাজেৰে ম’হ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত হ’ব।