কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত, বিশ্বজিৎ পেগুৱে বৃহস্পতি বাৰে মহানগৰৰ মাৰ্দাছ অল্ড এজ হ’ম নামৰ বৃদ্ধাশ্ৰমটোত বিৰাজমান বেমেজালিৰ এক দণ্ডাধীশ পৰ্য্যায়ৰ তদন্ত ঘোষণা কৰিছে।
অতিৰিক্ত জিলা দণ্ডাধীশ সুস্বপ্না কাকতিক এই তদন্ত সম্পন্ন কৰি ৭২ ঘণ্টাৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ দ্বায়িত্ব দিয়া হৈছে।