ক’ৰোনাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি হোৱা ঘটনাৰ বাবে নাগপুৰত ১৫ৰ পৰা ২১ মাৰ্চলৈ লকডাউনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
এই সময়ছোৱাত জৰুৰীকালীন সেৱাৰ বাদে সকলো সেৱা বন্ধ থাকিব।
লকডাউনৰ সময়ত শাক-পাচলি, গাখীৰ আৰু অতি আৱশ্যক সেৱাসমূহ বাহাল ৰখা হ’ব।
নাগপুৰ আৰক্ষী আয়ুক্তৰ অন্তৰ্গত যিসমূহ এলেকা আছে সকলোতে লকডাউন ঘোষণা কৰা হৈছে।
মহাৰাষ্ট্ৰত দিনক দিনে বৃ্দ্ধি হৈ গৈ আছে ক’ৰোনাত আক্ৰান্ত লোকৰ সংখ্যা।
ক’ৰোনা সংক্ৰমণ ৰোধ কৰিবলৈ উদ্ধৱ চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেই ল’লে ক’ভিড ভেকচিন। আজি মুম্বাইৰ জে জে হাস্পতালত ল’লে এই ভেকচিন।
Photo: Google