মহাৰাষ্ট্ৰত ২৪ ঘণ্টাত ক’ৰোনাত নতুনকৈ আক্ৰান্ত হৈছে ৬৩ জনতকৈ অধিক লোক আৰু ৩৪৯জন লোকৰ মৃত্যু হৈছে।
ইয়াৰ পিছতে ৰাজ্য চৰকাৰে লকডাউন দিয়াৰ সম্ভাৱনাই যথেষ্ট।
সূত্ৰ অনুসৰি, মহাৰাষ্ট্ৰত ১৪ দিনৰ লকডাউন ঘোষণা কৰাৰ সম্ভাৱনা।
আজি মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেই উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ সৈতে বৈঠকত বহিব আৰু এই বৈঠকতে লকডাউনক লৈ সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।
উল্লেখ্য মহাৰাষ্ট্ৰত ক’ৰোনাৰ সৈতে যুঁজ দিবলৈ গঠন কৰা ক’ভিড টাস্ক ফৰ্চৰ বৈঠকত মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেই ৮ দিনৰ লকডাউন লগোৱাৰ প্ৰস্তাৱ ৰাখিছিল।
মহাৰাষ্ট্ৰত বিগত ২৪ ঘণ্টাত ৬৩২৯৪জন লোক নতুনকৈ আক্ৰান্ত হৈছে ক’ৰোনাত। মৃত্যু হৈছে ৩৪৯জন লোকৰ।
Photo: Google