অন্য এক ৰূপত মহেন্দ্ৰ সিং ধোনী। ক্ৰিকেট জনতৰ এটা বহু চৰ্চিত নাম ধোনী। বিশ্বৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰসকলৰ ভিতৰত এজন এই গৰাকী । শ্ৰেষ্ঠ অধিনায়কসকলৰ মাজতো তেওঁ অন্যতম। মহেন্দ্ৰ সিং ধোনীৰ শেহতীয়া নতুন ৰূপে খলকনি তুলিছে ছচিয়েল মিডিয়াত। ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পিছত নতুন ৰূপত ধোনী । সোনকালেই ছুপাৰহিৰো হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে কিংবদন্তী ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনী । নতুন কমিক বুক ফ্ৰেঞ্চাইজি এটাত ছুপাৰ হিৰোৰ ৰূপত দেখা যাব ধোনীক ।
‘অথৰ্ব – দ্য অৰিজিন’ নামৰ এখন কমিক বুকত ধোনীক ছুপাৰহিৰোৰ ৰূপত দেখা যাব।
মিডাছ ডীলছ প্ৰাইভেট লিমিটেডৰ সহযোগত ভিৰজু ষ্টুডিঅ’ৰ দ্বাৰা নিৰ্মাণ কৰিবলগীয়া গ্ৰাফিক উপন্যাস ‘অথৰ্ব – দ্য অৰিজিন’ত এজন ছুপাৰহিৰো আৰু যোদ্ধা নেতাৰ চৰিত্ৰ ‘অথৰ্ব’ হিচাপে দেখা যাব ধোনীক । এইখন কমিক ছিৰিজটোৰ প্ৰথমখন কল্পনামূলক কিতাপ হ’ব।