প্ৰদেশ কংগ্ৰছৰ মহিলা মৰ্চাই আজি গুৱাহাটীত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।মহিলা কংগ্ৰেছৰ সদস্যসকলে ৰাজীৱ ভৱনৰ পৰা ফাঁচী বজাৰলৈ যোৱাৰ কথা আছিল যদিও প্ৰশাসনৰ পৰা অনুমতি লাভ নকৰিলে।প্ৰশাসনে ৰাজীৱ ভৱনতেই আৱদ্ধ কৰি ৰাখে প্ৰতিবাদীসকলক।তেওঁলোকে ৰাজীৱ ভৱনৰ পৰাই নিজৰ কাৰ্যসূচী ৰূপায়ণ কৰে।
ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে ইন্ধনজাতীয় সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিয়ে জনসাধাৰণক জুৰুলা কৰাৰ কথা দোহাৰি মহিলা কংগ্ৰেছৰ প্ৰতিবাদী কৰ্মীসকলে চৰকাৰক শীঘ্ৰে মূল্যবৃদ্ধি ৰোধৰ দাবী জনায়।