মঙলবাৰে পুৱাৰ ভাগত শ্ৰীৰামপুৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই জনাই যে ৰাজ্যজুৰি বলৱৎ থকা
সান্ধ্যআইনৰ ম্যাদ পৰৱৰ্তী দহদিনলৈ বৃদ্ধি কৰা হৈছে।তেওঁ লগতে জনায় যে অহা পাঁচ জুনলৈকে বন্ধ থাকিব আন্তঃ জিলা যাতায়ত।আনহাতে গ্ৰামাঞ্চলত সংক্ৰমণ বৃদ্ধিলৈ লক্ষ্য ৰাখি পূৰ্বৰ পাঁচ বজাৰ সলনি দুই বজাৰ পৰাই বলৱৎ হ’ব সান্ধ্য আইন। লগতে ‘লকডাউন’ৰ সম্ভাৱনীয়তা নস্যাৎ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। আজি সন্ধিয়ালৈ এখন নতুন SOP প্ৰকাশ পাব বুলিও জনায় তেওঁ।