কৃষি মন্ত্ৰী অতুল বৰাৰ কঠোৰ নিৰ্দেশত এক বৃহৎ কৃষক বিৰোধী চক্র উৎখাত কৰা হৈছে।বাতিল কৰা হৈছে তিনিখনকৈ কীটনাশক দ্রব্যৰ বিপণনৰ অনুজ্ঞাপত্র ।কীটনাশক দ্রব্য বিক্ৰীৰ ক্ষেত্ৰত অনিয়ম সংঘটিত কৰাৰ অভিযােগত জাৰি কৰা এক নির্দেশৰ জৰিয়তে নগাঁও মহকুমা কৃষি বিষয়া প্রবীণ বৰুৱাই নগাঁও চহৰৰ তিনিখন ব্যৱসায়িক প্রতিষ্ঠানৰ অনুজ্ঞাপত্র অস্থায়ীভাৱে ৩০ দিনৰ বাবে বাতিল কৰে।
মহকুমা কৃষি বিষয়াজনে জাৰি কৰা এছ ডি এ অ’/ এন জি এনলাইচেন্স-পেষ্টিচাইড/ ২০২১- ২২/২৮৬, এছ ডি এ অ/ এন জি এন লাইচেন্স-পেষ্টিচাইড/২০২১-২২/২৮৭ এছ ডি এ অ’/ এন জি এন লাইচেন্স- পেস্তিচাইড/২০২১-২২/২৮৮ নম্বৰৰ নির্দেশৰ যােগেদি অনুজ্ঞাপত্ৰ বাতিল কৰা এই ব্যৱসায়িক প্রতিষ্ঠানকেইখন হৈছে নগাঁও চহৰৰ হয়বৰগাঁৱৰ মহাৰাষ্ট্ৰ বেংকৰ কাষত থকা মেছাছ কৃষি ঘৰ, ধিং পথত থকা মেহার্ঘ নগাঁও ফার্টিলাইজাৰ আৰু এম ডি পথত থকা মেছছ কৃষি ঘৰ।
এই ব্যৱসায়িক প্রতিষ্ঠানকেইখনৰ বিৰুদ্ধে সংশ্লিষ্ট কর্তৃপক্ষৰ অনুমােদন অবিহনে কীটনাশক দ্ৰব্য মজুত আৰু বিক্ৰী কৰা, ৰাজ্যত পঞ্জীয়নকৃত নােহােৱা কটিনাশক দ্রব্য মজুত কৰা, বিক্ৰী আৰু মজুত কৰণৰ তথ্য-পাতি সঠিকভাৱে নৰখা আদি অভিযােগ আছে।
কীটনাশক আইন,১৯৭১, কীটনাশক আইন ১৯৮৬ ৰ অধীনত প্রতিষ্ঠানকেইখনৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হৈছে। ইপিনে, নগাঁও চহৰৰ হয়বৰগাঁৱৰ পূজা এগ্র’ হাউছ নামৰ প্রতিষ্ঠানখনকো কাৰণ দর্শাৱাৰ জাননী জাৰি কৰিছে।
নগাঁও মহকুমা কৃষি বিষয়াৰ লগতে ৰাজ্যিক পর্যায়ৰ যুটীয়া ভাবপ্রাপ্ত সঞ্চালক, কৃষি পৰিদৰ্শক আৰু কৃষি উন্নয়ন বিষয়াই চৰজমিন অভিযান চলােৱাৰ সময়ত পূজা এগ্ৰ’ হাউছে সহযােগিতা কৰা নাছিল আৰু প্রতিষ্ঠান বন্ধ কৰি ৰাখিছিল।উল্লেখযােগ্য যে এই অভিযান কৃষি সঞ্চালকালয় আৰু জিলা কৃষি বিভাগে যুটীয়াকৈ যােৱা ১২ জুনত চলাইছিল।পৰৱৰ্তী সময়ত সকলাে বিষয় চালি-জাৰি চাই আজি এই নির্দেশ জাৰি কৰা হয়।