ৰাজ্যত দিনক দিনে বৃদ্ধি হৈ গৈ আছে ক’ৰোনাত আক্ৰান্ত লোকৰ সংখ্যা।
এই পৰিপ্ৰেক্ষিততে মঙলবাৰে ৰাজ্য চৰকাৰে এক নতুন নিৰ্দেশনা জাৰি কৰিছে।
কি কি আছে এই নিৰ্দেশনাত-
১. কোনোধৰণৰ অনুষ্ঠান আয়োজন কৰাৰ পূৰ্বে জিলা প্ৰশাসন তথা কৰ্তৃপক্ষৰ কঠোৰ নিৰ্দেশনা মানি চলিব লাগিব।
২. মাস্ক, হেণ্ড ছেনিটাইজাৰ, ৬ ফুটৰ সামাজিক দূৰত্ব মানি চলাটো বাধ্যতামূলক।
৩. যিকোনো অনুষ্ঠানত ৫০ শতাংশ লোকেহে উপস্থিত থাকিব পাৰিব।
ব্যক্তিগত অনুষ্ঠান, বিবাহনুষ্ঠানত ১০০ জন লোক উপস্থিত থাকিব পাৰিব।
৪. মৃতকৰ অন্ত্যোষ্টিক্ৰিয়াত ২০ জনতকৈ অধিক লোক উপস্থিত থাকিব নোৱাৰিব।
ধৰ্মীয় অনুষ্ঠান, স্থান আদিত প্ৰতিঘণ্টাত কেৱল ২০ জন লোকহে উপস্থিত থাকিব পাৰিব।
৫. প্ৰতিখন ছুপাৰ মাৰ্কেট আৰু দোকানসমূহ ৬ বজাত বন্ধ কৰিব লাগিব।
৬. চৰকাৰী আৰু বেচৰকাৰী কৰ্মস্থলীত ঘৰৰ পৰা অথবা ভাৰ্চুৱেল কাম কৰাত গুৰুত্ব প্ৰদান কৰিব পাৰিলে ভাল।
৭. বিষয়াসকলৰ বাহিৰে সকলো কৰ্মস্থানতে ৫০ শতাংশ কৰ্মচাৰীহে উপস্থিত থাকিব পাৰিব।
কিন্তু জৰুৰীকালীন সেৱা সমূহৰ বাবে প্ৰযোজ্য নহয়।
৮. গৰ্ভৱতী মহিলা আৰু ৫ বছৰৰ তলত শিশু থকা মহিলাসকলে ঘৰৰ পৰাই কাম কৰিব পাৰিব।
৯. কাৰ্যালয়সমূহত সামাজিক দূৰত্ব মানি চলিব লাগিব।
সঘনাই ছেনিটাইজ কৰিব লাগিব কাৰ্যালয়সমূহ।
কাৰ্যালয়ৰ প্ৰৱেশ আৰু প্ৰস্থান দ্বাৰত থাৰ্মেল স্কেনিং, হেণ্ড ৱাছ থাকিব লাগিব।
১০. চৰকাৰী আৰু বেচৰকাৰী সকলো বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় আদিত ভাৰ্চুৱেল বিকল্প প্ৰদান কৰিব লাগিব।
৫০ শতাংশতকৈ অধিক শিক্ষাৰ্থী উপস্থিত থাকিব নোৱাৰিব শিক্ষানুষ্ঠানসমূহত।
কোনো শিক্ষানুষ্ঠানতে প্ৰাতসভা অনুষ্ঠিত কৰিব নোৱাৰিব।
প্ৰাথমিক পৰ্যায়ৰ শিক্ষাৰ্থীসকলক অনলাইন পাঠদান কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হ’ব।
শিক্ষানুষ্ঠানসমূহৰ বাবে ক’ভিডৰ ওপৰত শিক্ষা বিভাগে গাইডলাইন জাৰি কৰিব।
১১. চৰকাৰী আৰু বেচৰকাৰী পৰিবহনৰ ক্ষেত্ৰত ক’ভিড বিধিসমূহ মানিব লাগিব।
অটো ৰিক্সা, ৰিক্সা, টেক্সি আদি চালকসহ মাত্ৰ দুজন যাত্ৰীহে যাত্ৰা কৰিব পাৰিব।
চিটি বাছ আৰু আন্ত জিলাত থকা বাছ সমূহে ৫০ শতাংশ যাত্ৰী কঢ়িয়াব পাৰিব।
কোনো যাত্ৰীয়ে বাছত থিয় হৈ যাব নোৱাৰিব। ক’ভিডৰ সকলো নিয়ম মানি চলিব লাগিব।
১২. দোকান সমূহত ৬ ফুট দূৰত্ব মানি চলিব লাগিব।
দোকানৰ ভিতৰত মাত্ৰ ৫জন লোক উপস্থিত থাকিব পাৰিব। দোকানৰ মালিকে সঘনাই দোকান চেনিটাইজ আৰু হেণ্ডৱাছ কৰি থাকিব লাগিব।
১৩. চেলুন আৰু বিউটি পাৰ্লাৰ আদিত কঠোৰ নিৰ্দেশনা মানিহে চলাব পাৰিব।
জনতা ভৱনত অনুষ্ঠিত সংবাদমেলত এই ঘোষণা কৰে মুখ্য সচিব জিষ্ণু বৰুৱা আৰু ভাস্কৰজ্যোতি মহন্তই।
Photo: Google