বিপদত পৰিছে মাজুলীবাসী। মাজুলী জিলালৈ অত্যাৱশ্যকীয় সামগ্রীকে ধৰি অন্যন্যা সামগ্রী আমদানিত ভয়ানক সমস্যাৰ সৃষ্টি হৈছে৷ মাজুলী জিলা ব্যৱসায়ী সন্থাৰ আহ্বান মর্মে দুদিনীয়াকৈ বন্ধ থাকিব জিলাখনৰ সকলোবোৰ ব্যাৱসায়িক প্রতিষ্ঠান৷
নিমাতী ঘাটৰ ফেৰী দুর্ঘটনাৰ পিছত একক ইঞ্জিনযুক্ত যাত্রীবাহী নাৱৰ লগতে মালবাহী নাওসমূহৰো চলাচল চৰকাৰে বন্ধ কৰি দিয়ে৷ ইয়াৰ পৰিপ্রেক্ষিততে মালবাহী ফেৰী চলাচলৰ দাবীত ব্যৱসায়ী সন্থাই জিলাখনৰ ব্যাৱসায়িক প্রতিষ্ঠান বন্ধৰ আহবান জনাইছে৷ ফলত জিলাখনত অত্যাৱশ্যকীয় সামগ্রীৰ ব্যাপক নাটনিয়ে দেখা দিছে আৰু খাদ্য সামগ্রীৰ মূল্য দুগুণৰ পৰা তিনি গুণলৈ বৃদ্ধি পাইছে৷
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৯ ছেপ্টেম্বৰত নিমাতী ঘাট আৰু মাজুলীলৈ আহি ১৫ দিনৰ ভিতৰত মাজুলী-নিমাতী ফেৰী সেৱা স্বাভাৱিক হ’ব বুলি প্রতিশ্রুতি দিছিল যদিও আজি পর্যন্ত যাত্রীবাহী ফেৰী সেৱাই স্বাভাৱিক ৰূপ নাপালে৷ আজিও যোৰহাটলৈ পাৰ হ’ব লগা যাত্রী মাজৰাতি ২৩ বজাতেই ফেৰী ঘাটলৈ গৈ টিকটৰ বাবে বোন্দাপৰ দিব লগা অৱস্থা অব্যাহত আছে৷ বহু যাত্রীয়ে আকৌ টিকট নাপাই প্রতিদিনেই ঘৰলৈ উভতিব লগা হয়৷ এনে অৱস্থাত চৰকাৰে মালবাহী ফেৰীলৈ পিঠি দিয়াৰ ফলত জিলাখনৰ ব্যৱসায়ীৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷
বিভাগীয়ভাৱে কমলাবাৰী আৰু অফলামুখ ঘাটলৈ সপ্তাহত ৩ দিনকৈ এখন মালবাহী জাহাজ চলোৱাৰ ব্যৱস্থা কৰিছে যদিও জাহাজখনৰ কর্মচাৰীয়ে সামগ্রীৰ দায়িত্ব নোলোৱাৰ লগতে বৰষুণত বয়-বস্তু তিতিলেও কোনো ব্যৱস্থা নকৰাৰ বাবে ব্যৱসায়ীসকলে উক্ত জাহাজত সামগ্রী আনিবলৈ ইচছা নকৰে৷