পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ পূৰ্বে আজি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে ৰাজ্যত ৫ টকাতে আহাৰ খুওৱাৰ আঁচনি আৰম্ভ কৰিছে।
এই আঁচনিখনৰ নাম হ’ল ‘মা, যিটো তৃণমূল কংগ্ৰেছৰ শ্ল’গান ‘মা মাটি মানুহ’ৰ পৰা লোৱা হৈছে।
আজিৰে পৰা কলকাতাত মমতা বেনাৰ্জীয়ে এই আঁচনি আৰম্ভ কৰিছে।
৫ টকাৰ থালিত কি থাকিব?
‘মা’ আঁচনিৰ আধাৰত দৰিদ্ৰ লোকসকলক ৫ টকাৰ থালিত চাউল, দাইল, এটা চবজি আৰু কণী দিয়া হ’ব।
এই ৰান্ধনীঘৰৰ সঞ্চালন স্ব-সহায়তা দলে কৰিব আৰু এয়া প্ৰতিদিনে দুপৰীয়া ১ বজাৰ পৰা ৩ বজালৈ খুলিব।
পিছত এই আঁচনি লাহে লাহে পশ্চিমবংগৰ অন্য চহৰতো কৰা হ’ব।
ৰাজ্য চৰকাৰে এই আঁচনিৰ বাবে পূৰ্বৰে পৰা বাজেটত আইন বলবৎ কৰা হৈছে।
ইয়াৰ পূৰ্বে TMCয়ে লকডাউনৰ সময়ছোৱাত ক’ৰোনাৰ দ্বাৰা প্ৰভাৱিত প্ৰৱাসী শ্ৰমিকৰ বাবে ‘দিদিৰ পাকঘৰ অৰ্থাৎ মমতাৰ ৰান্ধনীশাল’ৰ আৰম্ভ কৰা হৈছিল।
পশ্চিমবংগত এপ্ৰিল-মে’ত বিধানসভা নিৰ্বাচন
উল্লেখযোগ্য যে বিগত বৰ্ষতে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন।
আৰু নিৰ্বাচনৰ আগমুহূৰ্তত প্ৰতিটো দলে নিজ হিচাপত ভোটাৰসকলক টোপ দিবলৈ আৰম্ভ কৰি দিছে।
Photo: Google