শুকুৰবাৰে ভাৰতীয় নিৰ্বাচনী আয়োগে পশ্চিমবংগসহ ৪খন ৰাজ্য আৰু এখন কেন্দ্ৰ শাসিত ৰাজ্যত বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিছে।
আয়োগে পশ্চিমবংগত এইবাৰ ৮টা পৰ্যায়ত নিৰ্বাচন কৰোৱা সিদ্ধান্ত গ্ৰহণ কৰিছে।
ইফালে, ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে শুকুৰবাৰে এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে।
তেওঁ সংবাদমেলযোগে এই মন্তব্য প্ৰদান কৰে যে পশ্চিবংগত ৮টা পৰ্যায়ত নিৰ্বাচন বিজেপিয়ে কোৱা কাৰণে কৰোৱা হ’ব।
বেনাৰ্জীয়ে ক’লে যে নিৰ্বাচনী আয়োগে সেয়াই কৰিছে যি বিজেপিয়ে কৈছে।
মমতা বেনাৰ্জীয়ে ক’লে যে যিটো সময়ত ৩খন ৰাজ্যত এটা এটা পৰ্যায়তে আৰু অসমত ৩টা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত কৰোৱা হ’ব কিন্তু পশ্চিমবংগত কিয় ৮টা পৰ্যায়ত নিৰ্বাচন কৰোৱাৰ সিদ্ধান্ত কিয় গ্ৰহণ কৰা হ’ল?
তেওঁ ক’লে যে এখন জিলাতে দুটা-তিনিটা পৰ্যায়ত কিয় নিৰ্বাচন অনুষ্ঠিত কৰোৱা হ’ব, এই কাম বিজেপিয়ে জানি-বুজিয়েই কৰিছে।
মমতা বেনাৰ্জীয়ে লগতে ক’লে যে কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে নিজৰ শক্তিৰ অনুচিত ব্যৱহাৰ কৰি আছে।
কিন্তু বিজেপিক পশ্চিমবংগৰ ৰাইজে উত্তৰ দিব।
তেওঁ ক’লে যে খেল আৰম্ভ হৈছে, আমি খেলিম আৰু বিজয়ীও হ’ম।
পশ্চিমবংগত এনেধৰণে হ’ব নিৰ্বাচন
পশ্চিমবংগত ৮টা পৰ্যায়ত বিধানসভা নিৰ্বাচন সম্পন্ন হ’ব। বিগত বিধানসভাত ৭টা আছিল।
প্ৰথম পৰ্যায়ত ভোটদান ২৭ মাৰ্চত ৫খন জিলাৰ ৩০টা বিধানসভা আসনৰ বাবে হ’ব।
দ্বিতীয় পৰ্যায়ৰ ভোটদান ১ এপ্ৰিলত ৪খন জিলাৰ ৩০টা বিধানসভা আসনৰ বাবে হ’ব।
তৃতীয় পৰ্যায়ৰ নিৰ্বাচন ৬ এপ্ৰিলত ৩১টা বিধানসভা আসনৰ বাবে হ’ব।
চতুৰ্থ পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া ১০ এপ্ৰিলত ৪৪খন বিধানসভা আসনৰ বাবে হ’ব।
পঞ্চম পৰ্যায়ৰ ভোটদান ১৭ এপ্ৰিলত ৪৪খন বিধানসভা আসনৰ বাবে হ’ব।
ষষ্ঠ পৰ্যায়ত ২২ এপ্ৰিলত ৪৩ বিধানসভা আসনৰ বাবে হ’ব।
সপ্তম পৰ্যায়ত ২৬ এপ্ৰিলত ৩৬ বিধানসভা আসনৰ বাবে আৰু অন্তিমটো তথা অষ্টম পৰ্যায়ত ২৯ এপ্ৰিলত ৩৫ বিধানসভা আসনৰ বাবে ভোটদান প্ৰক্ৰিয়া অনুষ্ঠিত হ’ব।
Photo: Google