পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে হাস্পতালৰ পৰাই নিজৰ সমৰ্থকৰ বাবে এটা ভিডিঅ’ বাৰ্তা জাৰি কৰিছে।
Breaking now! @MamataOfficial speaks from hospital bed, after being injured in #Nandigram last evening.
Banerjee appeals for calm
Says she will be back on the campaign trail in a few days, even if on a wheelchair pic.twitter.com/jHUyK8gjV6
— Poulomi Saha (@PoulomiMSaha) March 11, 2021
মমতা বেনাৰ্জীয়ে ভিডিঅ’ত কৈছে যে, কালিৰ আক্ৰমণত তেওঁ গুৰুতৰভাৱে আঘাত পাইছে, যাৰ ফলত হাত-ভৰিত যথেষ্ট বিষ হৈ আছে।
মমতা বেনাৰ্জীয়ে ক’লে যে, তেওঁ দুই-এদিনৰ ভিতৰতে বাহিৰলৈ আহিব আৰু হুইলচেয়াৰত প্ৰচাৰ অভিযান চলাব।
ভিডিঅ’টোত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ক’লে যে, তেওঁৰ মূৰতো বহুত বিষ আছে।
বিগত দিনত যেতিয়া মই ৰাইজৰ অভিবাদন স্বীকাৰ কৰি আছিলো,
তেতিয়া তেওঁ ভৰিত আঘাত পায়।
মমতা বেনাৰ্জীয়ে সমৰ্থকক আহ্বান জনাইছে যে, তেওঁলোকে শান্তি বজাই ৰাখক, তেওঁ আশা কৰিছে যে শীঘ্ৰে তেওঁ হাস্পতালৰ পৰা বাহিৰলৈ ওলাই আহিব।
লগতে তেওঁ ক’লে যে, যদিও তেওঁ ভৰিত আঘাত পাইছে, কিন্তু তেওঁ হুইলচেয়াৰত বহিয়েই প্ৰচাৰ অভিযান চলাব।
উল্লেখ্য কিছু সময় পূৰ্বে কলকাতাৰ SSKM হাস্পতালৰ জৰিয়তে মমতা বেনাৰ্জীয়ে হেল্থ বুলেটিন জাৰি কৰিছিল।
এই বুলেটিনখনৰ অনুসৰি, মমতাৰ বেনাৰ্জীৰ বাওঁ হাত আঘাতপ্ৰাপ্ত হয়।
ইয়াৰ পিছত মমতা বেনাৰ্জীৰ MRI স্কেন কৰোৱা হয়।
যদিও হাস্পতালখনে জনোৱা অনুসৰি মমতা বেনাৰ্জীৰ স্বাস্থ্য এতিয়া স্থিৰ কিন্তু তেওঁক আৰামৰ প্ৰয়োজন।
হাস্পতালৰ ৬জনীয়া চিকিৎসকৰ এটা দল তেওঁৰ স্বাস্থ্য়ৰ ওপৰত নজৰ দি আছে।
উল্লেখযোগ্য যে, বুধবাৰে দুৰ্বৃত্তই তেওঁৰ ওপৰত আক্ৰমণ চলাইছিল।
Photo: Twitter