পশ্চিমবংগত প্ৰথম পৰ্যায়ৰ ভোট ইতিমধ্যে সমাপ্ত হৈছে। ইয়াৰ পিছত দ্বিতীয় পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া আৰম্ভ হ’ব ১ এপ্ৰিলত।
ইয়াৰ পূৰ্বে বিজেপি আৰু তৃণমূল কংগ্ৰেছৰ বাকযুদ্ধ আৰু অধিক তীব্ৰতৰ হৈ উঠিছে।
মঙলবাৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নন্দীগ্ৰাম ৰোড শ্ব’ কৰি বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক মন্তব্য প্ৰদান কৰে।
মুখ্যমন্ত্ৰীগৰাকীয়ে ক’লে যে বিজেপিয়ে বাহিৰৰ পশ্চিমবংগত গুণ্ডা আনি হিংসাত্মক ঘটনা সংঘটিত কৰি আছে।
এইবাৰ বিজেপিক পশ্চিমবংগৰ পৰা ব’ল্ড আউট কৰিব লাগিব।
বিজেপিয়ে টকা দিলে ৰাখি থবা, কিন্তু ভোট নিদিবা- মমতা
মুখ্যমন্ত্ৰীগৰাকীয়ে ক’লে, ‘’মই আজি নন্দীগ্ৰামত এইকাৰণে থিয় হৈ আছও, কাৰণ মোক ইয়াৰে ভাতৃ-ভগ্নী আৰু মাতৃৰ আৰ্শীবাদ লাগে।’’
তেওঁ ৰাইজক ক’লে, ‘’বিজেপিয়ে ভোটৰ বাবে টকা দিলে ৰাখি থবা, কাৰণ সেয়া আপোনাৰে টকা বিজেপিয়ে চোৰ কৰিছে।
কিন্তু বিজেপিক ভোট নিদিবা।’’
বাহিৰৰ পৰা গুণ্ডা লৈ আহি আছে বিজেপিয়ে- মমতা
মমতা ক’লে, ‘’বিজেপিয়ে নিজে হত্যা কৰি দোষ তৃণমূল কংগ্ৰেছৰ ওপৰত মোহাৰে।
বাহিৰৰ পৰা গুণ্ডা লৈ আহিছে। আৰক্ষীয়ে অত্যাচাৰ চলাই আছে।
মই জানো, সেইকাৰণে মই নিৰ্বাচনী আয়োগক পত্ৰ লিখিছো।’’
তেওঁ ক’লে, ‘’মই নন্দীগ্ৰামৰ পৰা হলদিয়ালৈ এখন দলং নিৰ্মাণ কৰি দিম, ইয়াৰ দ্বাৰা ২৫ হাজাৰ লোকে চাকৰি পাব।’’
মমতা বেনাৰ্জী নিজৰ পূৰ্বৰ সহযোগী আৰু বৰ্তমানৰ বিজেপিৰ প্ৰাৰ্থী শুভেন্দ্ৰু অধিকাৰীৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব।
মমতা বেনাৰ্জীয়ে হুইল চেয়াৰতে বহি নিৰ্বাচনী প্ৰচাৰ চলালে।
Photo: Google