ক’ল্ড ড্ৰিংকছ খাওঁতে সাৱধান হওক। ডেৰ লিটাৰ ক’ল্ড ড্ৰিংকছ খাই মৃত্যুক আকোৱালি ললে এজন ২২ বছৰীয়া যুৱকে।
এই ঘটনা সংঘটিত হৈছে চীনৰ বেইজিঙত। এগৰাকী যুৱকে ক’ল্ড ড্ৰিংকছ খোৱা ছয় ঘণ্টাৰ পিছতে তেওঁৰ প্ৰচণ্ড পেটৰ বিষ হৈ, হৃদযন্ত্ৰ বিকল হৈ যায়, ব্লাডপ্ৰেছাৰো হ্ৰাস হয়, ফলত তেওঁ জোৰেৰে উশাহ লব লগীয়া হয়।
যুৱকজনক ক্লিনিকত ভৰ্তি কৰোৱাৰ পিছতে মৃত্যুক সাৱটি লয় যুৱকজনে। চিকিৎসকে জনোৱা অনুসৰি অত্যাধিক ক’ল্ড ড্ৰিংকছ খোৱাৰ বাবে গেছ হৈ মৃত্যুৰ মুখত পৰে।