ৰাজ্যত বৰ্তমানেও অব্যাহত হাতী আৰু মানুহৰ সংঘাত।
টেংকীবস্তীত একে নিশাই ৫ জনকৈ লোকক বন্যহস্তীয়ে আক্ৰমণ কৰা ঘটনা মাৰ নৌযাওতেই পুনৰ আৰু এজন লোক নিহত।
প্ৰতিদিনে ওদালগুৰ ভাৰত-ভূটান সীমান্তৰ অঞ্চলসমূহত তীব্ৰ ৰূপ ধাৰণ কৰি আহিছে হাতী আৰু মানুহৰ সংঘাতে।
হাতী মানুহৰ সংঘাত ৰোধ কৰিবলৈ ব্যৰ্থ হৈ পৰিছে বন বিভাগ।
বৰনদী অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত নামি অহা বৃহৎ হাতীৰ জাকটোৱে ওদালগুৰি জিলাৰ বিভিন্ন অঞ্চলসমূহত খেতি-বাতি ধ্বংস কৰাৰ লগতে, ঘৰ- দুৱাৰ ভাঙি চূৰমাৰ কৰি বহু লোকৰ ওপৰত আক্ৰমণ চলায়।
জিলাখনৰ ডিমাকুছি, ৰজাগড়, নালাপাৰা, বৰংগাজুলি, ধৰমজুলি, বগৰীতল, কালিখোলা, ভোলাটাৰ, ননৈখাছ, টেংকীবস্তী আদি অঞ্চলসমূহত বহুদিন ধৰি খাদ্যৰ সন্ধানত নামি অহা বন্যহস্তীৰ জাকে তাণ্ডব চলাই আহিছে।
চলিত বৰ্ষতে এই অঞ্চলসমূহত ২৭ জনৰো অধিক লোক আনহাতে ৫/৬ টাকৈ হাতী নিহত হয়।
তথাপিও ৰাজ্য চৰকাৰৰ বিয়াগোম বন বিভাগ কুম্ভকৰ্ণ নিদ্ৰাত।
বুধবাৰে নিশা দোকানৰ পৰা ঘৰলৈ আহি থকা সময়ত ডিমাকুছি আৰক্ষী থানাৰ অন্তৰ্গত ২নং বৰংগাজুলি গাঁৱৰ তিনি সন্তানৰ পিতৃ বিমল দেৱনাথ (৪০) নামৰ লোকজনক বন্যহস্তীয়ে আক্ৰমণ কৰে। ফলত লোকজনে প্ৰাণ হেৰুৱায়।
ঘটনাস্থলীত ডিমাকুছি আৰক্ষী থানাৰ আৰক্ষী বিষয়া জন খাংকো উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰিলৈ প্ৰেৰণ কৰে।
কিন্তু ৰহস্যময় বিষয় হৈ পৰিছে এতিয়াও কুম্ভকৰ্ণ নিদ্ৰাত অসম চৰকাৰৰ বিয়াগোম বন বিভাগ।
হাতী আৰু মানুহৰ সংঘাত ৰোধ কৰিবলৈ ব্যৰ্থ হৈ পৰিছে বন বিভাগ ।
সেয়েহে স্থানীয় ৰাইজে চৰকাৰক অতি শীঘ্ৰে হাতী মানুহৰ সংঘাত ৰোধ কৰিবলৈ আহ্বান জনায়।
Photo: Google
Input: Deepak Deka