পৰ্যটকৰ বাবে পুনৰ বন্ধ হৈ পৰিল বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান ৷
ক’ৰোনা ভাইৰাছৰ দ্বিতীয়টো ঢৌৱে দেশ তথা ৰাজ্যজুৰি ভয়ংকৰ ৰূপ লোৱাৰ প্ৰতি লক্ষ্য ৰাখি ভাইৰাছৰ সংক্ৰমণ নিয়ন্ত্ৰণৰ বাবে মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৰাষ্ট্ৰীয় উদ্যানখনৰ সকলো প্ৰৱেশদ্বাৰ পৰ্যটকৰ বাবে বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷
পুনৰ নিৰ্দেশনা নহালৈকে পৰ্যটকৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ সকলো প্ৰৱেশদ্বাৰ বন্ধ থাকিব ৷
ইফালে পৰ্যটকৰ বাবে বন্ধ কৰি দিয়া হ’ল পবিতৰা অভয়াৰণ্য ৷ অনিৰ্দিষ্টকাললৈ বন্ধ থাকিব অভয়াৰণ্যখন ৷
Photo: Google