মণিপুৰ চৰকাৰে এক নিৰ্দেশনা জাৰি কৰিছে।
নিৰ্দেশনা অনুসৰি, ৰাজ্যখনত প্ৰৱেশ কৰা প্ৰতিগৰাকী লোকে ক’ভিড-১৯ পৰীক্ষাৰ ৰিপৰ্ট দেখুওৱাটো বাধ্যতামূলক।
শুকুৰবাৰে এগৰাকী বিষয়াই এইল বিষয়ে জানিবলৈ দিয়ে।
বিষয়াগৰাকীয়ে ক’লে যে, এই নিৰ্দেশনা ১৮ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব।
শুকুৰবাৰে স্বাস্থ্য বিভাগৰ উপসচিব ছইমিনালিয়ন লেংগেনে ক’লে যে, ‘‘বিমান বা পথেৰে মণিপুৰলৈ যোৱা প্ৰতিগৰাকী লোকৰ লগতে স্থানীয় মূল বাসিন্দাসকলেও,
ৰাজ্যখনত প্ৰৱেশৰ বাবে ৭২ ঘণ্টাৰ পূৰ্বে কৰোৱা ক’ভিড-১৯ সম্বন্ধীয় আৰটি-পিচিআৰ পৰীক্ষা কৰোৱা ৰিপৰ্ট দেখুওৱাব লাগিব।
তাত স্পষ্টভাৱে উল্লেখ থাকিব লাগিব যে, তেওঁলোকক সংক্ৰমণৰ নিশ্চিতকৰণ হোৱা নাই।’’
নিৰ্দেশনাত কোৱা হৈছে যে, সামৰিক তথা কেন্দ্রীয় সশস্ত্র আৰক্ষী বাহিনী ইউনিটক,
মণিপুৰত তেওঁলোকৰ কৰ্মীসকলক প্ৰৱেশৰ পূৰ্বে ক’ভিড-১৯ পৰীক্ষা কৰোৱাৰ ব্যৱস্থা কৰোৱাৰ নিৰ্দেশনা প্ৰদান কৰা হৈছে।
নিয়মৰ পালন নকৰিলে বিহিব লাগিব জৰিমনা
ইয়াৰ মাজতে মণিপুৰ আৰক্ষীৰ মহানিৰীক্ষক আৰু ক’ভিড-১৯ৰ বাবে নডেল বিষয়াই এখন প্ৰেছ বিজ্ঞপ্তিত ক’লে যে,
ৰাজ্য চৰকাৰে জাৰি কৰা নীতি-নিৰ্দেশনা অনুসৰি,
বৃহস্পতিবাৰে ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰা, ৰাজহুৱা স্থানত থু পেলোৱা আৰু ক’ভিড-১৯ সম্বন্ধীয় নিয়ম পালন নকৰা ২৮৪ লোকে বিহিছে জৰিমনা।
Photo: Google