এফালে ক্ৰীড়া জগতৰ বাবে এটা ভাল খবৰ আৰু আনফালে ভাৰতৰ ক্ৰীড়া জগতৰ বাবে এটা বেয়া খবৰ। অলিম্পিকলৈ প্ৰথমগৰাকী অসমীয়া মহিলা বক্সাৰে যোগ্যতা অৰ্জন কৰাৰ বিপৰীতে ভাৰতে হেৰুৱালে এগৰাকী স্বৰ্ণজয়ী বক্সাৰ।
মণিপুৰৰ স্বৰ্ণজয়ী বক্সাৰ ডিংকো সিঙৰ দেহাৱসান। ৪১ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ডিংকো সিঙে। ৬ বছৰ ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল বক্সাৰজন। বিগত বর্ষত ক’ভিডত আক্ৰান্ত হৈছিল ডিংকো সিং।
১৯৯৮ চনৰ বেংকক এছিয়ান গেমছৰ স্বৰ্ণজয়ী বক্সাৰ আছিল ডিংকো সিং। ১৯৯৮ চনত অৰ্জুন আৰু ২০১৩ চনত পদ্মশ্ৰী বঁটা বিজয়ী অলিম্পিয়ান আছিল মণিপুৰৰ বক্সাৰগৰাকী। ভাৰতীয় নৌ বাহিনীত চাকৰি কৰিছিল ডিংকোৱে।