এক গাম্ভিৰ্যপূৰ্ণ পৰিৱেশত অলপতে সোণাপুৰৰ ডেকাচাঙত অনুষ্ঠিত হয় এক মনোজ্ঞ অনুষ্ঠান। জ্ঞানপীঠ বঁটাৰে সন্মানিত কবি নীলমনি ফুকনৰ জীৱন আৰু সৃষ্টিৰাজিৰে অনুষ্ঠিত হোৱা ‘মন কবিতা’ শীৰ্ষক মনোজ্ঞ অনুষ্ঠানটোত আদৰনি ভাষন আগবঢ়ায় ৰাউল কৌশিক নাথ ফাউণ্ডেচনৰ অন্যতম সদস্য ৰিনিকি ভূঞা শৰ্মাই।
মূল অনুষ্ঠানটো উদ্বোধন কৰে গুৱাহাটী বিশ্ব বিদ্যালয়ৰ কলাগুৰু তথা ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক বিভাস চৌধুৰীয়ে। এই মনোজ্ঞ অনুষ্ঠানটোত বিশিষ্ট অভিনেতা আদিল হুছেইন,কণ্ঠ শিল্পী অংগৰাগ পাপন মহন্ত, জয় বৰুৱা, ডা° সান্ত্বনা বৰদলৈ প্ৰমূখ্যে বিশিষ্ট ব্যক্তি সকলে অংশ গ্ৰহণ কৰি কবিতা আৰু সংগীতৰে মুখৰিত কৰি তুলে। অনুষ্ঠানত কবি নীলমনি ফুকনৰ পুত্ৰ অমিতাভ ফুকন আৰু জুৰি বৰা বৰগোহাঞিৰ হংসধ্বনি শীৰ্ষক অনুষ্ঠান পৰিৱেশন হয়।