ক’ভিডৰ তৃতীয় ঢৌৰ অব্যাহত থকাৰ সময়তে এইবাৰ নতুনকৈ মাংকী ফিভাৰৰ ঘটনা পোহৰলৈ আহিছে। কেৰালাৰ পানাভেলীত ২৪ বছৰীয়া এজন যুৱকৰ ক্যাছানুৰ ফৰেষ্ট ডিজিজ চমুকৈ মাংকি ফিভাৰৰ দ্বাৰা আক্ৰান্ত হোৱাৰ তথ্য লাভ কৰিছে স্বাস্থ্য বিভাগে।
বৰ্তমান মাংকী ফিভাৰত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত থকা যুৱকজনৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে। কেৰালাত মাংকী ফিভাৰত আক্ৰান্ত এইটো প্ৰথম ঘটনা। মাংকী ফিভাৰৰ আক্ৰান্ত হোৱাৰ লক্ষণসমূহ হ’ল-মূৰৰ বিষ, অচেতন হোৱা, বমি, শৰীৰৰ বিষ আৰু তীব্ৰ জ্বৰ। এই লক্ষণসমূহ এজন ৰোগীৰ শৰীৰত এসপ্তাহৰ পৰা ১২দিন পৰ্যন্তলৈ থাকে।
মাংকী ফিভাৰ সাধাৰণতে ভাৰতৰ দক্ষিণাত্য অঞ্চলতে হয়। ‘Flaviviridae’ নামৰ এবিধ ভাইৰাছৰ পৰা এই ৰোগ বিয়পে। এই ভাইৰাছবিধ আকৌ বান্দৰৰ দেহৰ পৰা মানুহৰ দেহলৈ বিয়পে বাবে ইয়াক মাংকী ফিভাৰ বুলি কোৱা হয়। বান্দৰৰ দেহত থকা পোক-পতংগই মানুহৰ দেহত পৰিলে বা দংশন কৰে তেতিয়া এই ৰোগ হয়। য়েলো ফিভাৰ বা ডেংগুৰ দৰে মাৰাত্মক ৰোগো ‘Flaviviridae’ নামৰ ভাইৰাছৰ বাবে হয়।
মাংকী ফিভাৰৰ কোনো নিৰ্দিষ্ট নিৰাময় এতিয়াও চিকিৎসা বিজ্ঞানত নাই। অৱশ্যে কোনো লক্ষণ দেখা দিলে আপুনি লগে লগে চিকিৎসকৰ কাষ চপা উচিত। কেৰালা চৰকাৰে মাংকী ফিভাৰৰ সংক্ৰমণ ধৰা পৰাৰ লগে লগে ইতিমধ্যে সতৰ্কতা জাৰি কৰিছে। বৰ্তমান ক’ভিডৰ সংক্ৰমণৰ লগে লগে মাংকী ফিভাৰ ভাইৰাছ পোহৰলৈ অহাৰ বাবে স্থানীয় লোকক সজাগতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে কেৰালা প্ৰশাসনে।