পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে নেতাজী ইন্দোৰ ষ্টেডিয়ামত অনুষ্ঠিত এক দলীয় কাৰ্যসূচীত বৃহস্পতিবাৰে তৃণমূলৰ নেত্ৰী মমতা বেনাৰ্জীয়ে বিৰোধী দলসমূহক সমালোচনা কৰে৷ তেওঁ কেন্দ্রীয় চৰকাৰক পোনপটীয়াকৈ বংগক অপমান কৰাৰ অভিযোগ উত্থাপন কৰে৷ প্ৰতি সপ্তাহত ‘মন কী বাত অনুষ্ঠানত নিজৰ চিন্তা-চৰ্চা দেশবাসীৰ সৈতে ভাগ-বতৰা কৰা প্ৰধানমন্ত্ৰী মোদীৰ কটাক্ষ কৰে মমতাই।
তেওঁ ক’লে, ‘মন কি বাত মনৰ বেথালৈ পৰিণত হ’ব’। নাম নোলোৱাকৈ মোদীৰ বিৰুদ্ধে সুৰ তুলি মমতা বেনাৰ্জীৰ প্ৰশ্ন ‘মনত কষ্ট নহয়নে’? মমতাৰ কটুক্তি, ‘বিজেপি (BJP)য়ে আমাক ভয় খুৱাবলৈ চেষ্টা নকৰিব। যিমানেই চিবিআই, ইডি (CBI, ED) লগাই চেষ্টা নকৰক। একো নহ’ব, যিমানেই কাটিবা, সিমানেই বাঢ়ি যাম। আমি শক্তিশালী হ’ম।’
মমতা বেনাৰ্জীয়েও আঙুলিয়াই দিয়ে যে বিজেপিয়ে নিজৰ চৰ্তত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটো চলাই আছে। মমতাৰ কটুক্তি, ‘আজি মলয়, কাইলৈ ববি, তাৰ পিছত চন্দ্ৰিমা। অভিষেকৰ সন্তানটোও দুবাৰকৈ চিবিআইৰ কাৰ্যালয়লৈ যাব লগা হৈছিল। ৰাজনীতিৰ পথাৰত যুঁজ দিয়ক, আমি ইয়াত আছো। ২০২১ চনত আপুনি কি কৰি আছিল? জগাই মধাই গদাই, এইবাৰ হ’ব বাই বাই। বিজেপিয়ে ভাবিছে শক্তিশালী নেতাসকলক গ্ৰেপ্তাৰ কৰিলে বাকী কৰ্মীসকলে ভয় খাব। কিন্তু জানি থওক যে আহত সিংহ মৃত সিংহতকৈ বেছি বিপদজনক।’