বিগত কেইদিনত বৰষুণৰ পৰিমাণ কমি যোৱাত আৰু বতৰ তুলনামূলকভাৱে ফৰকাল হোৱাত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ কালিৰে পৰা কিছু হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। আনহাতে গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ চাৰিদিন বিপদ সীমাৰ ওপৰেৰে বৈ থকাৰ পাছত যোৱানিশাৰে পৰা গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বিপদ সীমাৰ কিছু তললৈ নামে। ফলত আজি পুৱাৰ ভাগত প্ৰায় এটা সপ্তাহৰ অন্তত গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ দীপৰ বিলৰ পৰা ব্ৰহ্মপুত্ৰ সংযোগী আৰু আজাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত পূব ধাৰাপুৰ আৰু গুৱাহাটী পৌৰ নিগমৰ ১ নং ৱাৰ্ডৰ অন্তৰ্গত গাড়ীগাঁওৰ মাজত থকা পানীদুৱাৰখন জলসম্পদ বিভাগৰ পশ্চিম গুৱাহাটী উপ সংমণ্ডলৰ দায়িত্ববাহী কৰ্মচাৰীয়ে খুলি দিয়ে। পানীদুৱাৰখন খুলি দিয়াৰ পাছত দীপৰ বিলৰ পৰা পানীভাগ লাহে লাহে ব্ৰহ্মপুত্ৰ অভিমুখে ওলাই গৈ থকা পৰিলক্ষিত হৈছে।
জানিব পৰা মতে পানীদুৱাৰখন খুলি দিয়া হলেও ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ এতিয়াও সতৰ্ক মূলক স্তুৰৰ ওপৰেদি বৈ থকাত দীপৰ বিলৰ পানীভাগ অতি মন্থৰ গতিৰেহে ওলাই গৈ আছে। যাৰবাবে এতিয়াও ওফন্দি আছে দীপৰ বিলৰ পানীভাগ। ইয়াৰ ফলত আজাৰা ৰাজহ চক্ৰৰ ধাৰাপুৰ গাঁও পঞ্চায়তৰ অধীনৰ খানামুখ হাওৰাপাৰ, ধাৰাপুৰ নতুনবস্তি, ধোপৰতল, কোঁচপাৰা আদি অঞ্চলৰ খেতিপথাৰটো বাদেই বহু পৰিয়ালৰ বাসগৃহ চৌহদ বিগত প্ৰায় এটা সপ্তাহ ধৰি পানীৰ তলত আছে। আনকি আবাসীক অঞ্চল প্লাবিত হৈ থকাৰ বাবে বিদ্যালয়লৈ কণ কণ শিশুবোৰক পিতৃ – মাতৃ বা অভিভাৱকে কোলাত, বোকোচাত বা দাংকোলাকৈ অনা নিয়া কৰিবলগীয়া হৈছে। সমান্তৰাল ভাৱে বিস্তীৰ্ণ অঞ্চল প্লাবিত হৈ থকাৰ বাবে গৰু, ছাগলী, গাহৰি আদি পুহি জীৱন নিৰ্বাহ কৰা পশুপালক সকল ভীষণ অসুবিধাৰ সন্মুখীন হবলগীয়া হৈছে। ।