আজিৰে পৰা ৰাজ্যৰ বিভিন্ন চৰকাৰী কাৰ্যালয়ত উপস্থিত নাথাকিব বহু কৰ্মচাৰী। অসম চৰকাৰৰ কেবিনেট বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি ৬ আৰু ৭ জানুৱাৰীত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে অতিৰিক্ত নৈমিত্তিক ছুটী মঞ্জুৰ কৰা হৈছে।
ইফালে ৮ আৰু ৯ জানুৱাৰী দ্বিতীয় শনিবাৰ আৰু দেওবাৰ হোৱাৰ বাবে চৰকাৰী বন্ধ থাকিব। সেই অনুসৰি মুঠ ৪ টা দিন ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়তে উপস্থিত নাথাকিব গৰিষ্ঠসংখ্যক চৰকাৰী কৰ্মচাৰী।
নিজ পিতৃ-মাতৃ তথা শহুৰ- শাহুৰ লগত সময় অতিবাহিত কৰিবৰ বাবে চৰকাৰী কৰ্মচাৰীসকলক অসম চৰকাৰৰ কেবিনেট বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি ছুটী দিয়া হৈছে।
যিসকল কৰ্মচাৰীয়ে এই ছুটী লাভ কৰিব তেওঁলোকে নিৰ্দিষ্ট পৰ্টেলত পিতৃ-মাতৃৰ লগত সময় অতিবাহিত কৰাৰ ফটো আপলোড কৰিব লাগিব। ৰাজ্যৰ মন্ত্ৰী, বিধায়কৰ পৰা চতুৰ্থ বৰ্গলৈকে সকলো কৰ্মচাৰীয়ে এই ছুটী লাভ কৰিব। ইফালে জৰুৰীকালীন সেৱাৰ লগতে জড়িত কৰ্মচাৰীসকলে পৰৱৰ্তী সময়ত পৰ্যায়ক্ৰমে এই ছুটী ল’ব পাৰিব।
আনহাতে এই ছুটীক কেন্দ্ৰ কৰি শিক্ষা বিভাগে বুধবাৰে জাৰি কৰিছে এক নিৰ্দেশনা। সেই অনুসৰি শিক্ষকসকলে ৬ আৰু ৭ জানুৱাৰীৰ বাধ্যতামূলক ছুটী লাভ নকৰিব। তেওঁলোকক এই ছুটী মাঘ বিহুৰ পূৰ্বে ১২ আৰু ১৩ ফেব্ৰুৱাৰীত প্ৰদান কৰিব।