মহানগৰীৰ বহু স্থানত পানী তথা বান শুকালেও বহুকেইটা স্থানত কিন্তু কৃত্ৰিম বানৰ পৰস্থিতি এতিয়াও উন্নত হোৱা নাই। অনিল নগৰ, নবীন নগৰৰ লগতে ডাউন টাউন, চাৰ্ভে আদি অঞ্চল এতিয়াও কৃত্ৰিম বানৰ কবলত।
আনহাতে, ভৰলুকে ধৰি গুৱাহাটীৰ পৰা পানী ওলাই যোৱা নদী সমূহ পানীৰে ভৰি থকাৰ মহানগৰীৰ পৰা পানী নিষ্কাষণৰ গতিও হ্ৰাস হোৱাৰ পৰিপ্ৰেক্ষিতত পানী শুকোৱা নাই এই স্থান সমূহত। চাৰভেৰ সমীপত ফুটপাথৰ ওপৰেৰেও বুধবাৰে পানী বৈয়ে আছে। আনহাতে মহানগৰীৰ কৃত্ৰিম বান পৰিস্থিতিৰ বুজ লবলৈ এক সঁজাতি দল লৈ ভূপেন বৰাই বিভিন্ন অঞ্চল পৰিদৰ্শন কৰে।
কৃত্ৰিম বান প্ৰতিৰোধত বিফল হোৱাৰ লগতে কৃত্ৰিম বান নিয়ন্ত্ৰণৰ বাবে চৰকাৰে কোনো ব্যৱস্থা নোলোৱা বুলি মহানগৰবাসীয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।