গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত “এল.জি.বি.আই স্পৰ্টছ’ৰ উদ্যোগত ৫ মাৰ্চত ১০ কিলোমিটাৰ আৰু ৫ কিলোমিটাৰ দুৰত্বৰ এক মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাত বিমানকোঠৰ বিভিন্ন বিভাগত কৰ্মৰত প্ৰায়সংখ্যক বহু কৰ্মচাৰীয়ে ভাগ লয়। পুৱা ৬.৩০ বজাত পতাকা জোকাৰি প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে বৰঝাৰৰ মুখ্য বিমানকোঠ বিষয়া উৎপল বাদল বৰুৱাই।
এই উপলক্ষে অনুষ্ঠিত চমু অনুষ্ঠানত ভাৰতীয় বিমানকোঠ প্ৰাধিকৰণৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক ৰবি কান্ত, অসামৰিক বিমান পৰিবহণৰ নিৰাপত্তা বিভাগৰ ক্ষেত্ৰীয় সঞ্চালক সমানন্দ সিং, চি আই এছ এফৰ কমাণ্ডেন্ট লালমোহন ঠাকুৰকে ধৰি বিমানকোঠৰ কেবাজনো জেষ্ঠ বিষয়া উপস্থিত থাকে। প্ৰতিযোগিতাত চাৰি শতাধিক প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰে।
প্ৰতিযোগিতাৰ অন্তত প্ৰথম, দ্বিতীয় আৰু তৃতীয় বিজয়ীক ক্ৰমে – নগদ ১৫০০০ টকা , ১০০০০ টকা আৰু ৫০০০ টকাৰ লগতে ফলক আৰু প্ৰমানপত্ৰ প্ৰদান কৰা হয়। বঁটা বিতৰণী অনুষ্ঠানত স্পৰ্টছ কমিটিৰ বনজিৎ ওজা, ৰঞ্জন সোনোৱাল, মঞ্জয় ৰাভা, সঞ্জীৱ কাকতি, সুশীল লাল চৌধুৰীকে ধৰি কেবাজনো সদস্য উপস্থিত থাকে।