দুখীয়া ৰোগীৰ বাবে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে গুৱাহাটীস্থিত মাৰোৱাৰী হাস্পতালে।
১ এপ্ৰিলৰ পৰা যি সকল দুখীয়া ৰোগীয়ে এই হাস্পতালৰ সাধাৰণ শ্ৰেণীৰ বিচনাত ভৰ্তি হব,
তেওঁলোকক সকলো ধৰণৰ চিকিৎসা বাবে ১০০ শতাংশ ৰেহাই দিব বুলি উল্লেখ কৰিছে হাস্পতালখনে।
গুৱাহাটীস্থিত মাৰোৱাৰী হাস্পতালে গ্ৰহণ কৰা এই সিদ্ধান্তই দুখীয়া শ্ৰেণীৰ লোকক কিছু সকাহ প্ৰদান কৰিব ।
ইয়াৰ উপৰিও মাৰোৱাৰী হাস্পতালত প্ৰাপ্ত বয়ষ্ক আৰু দুখীয়া শ্ৰেণীৰ লোকৰ বাবে বৰ্হিবিভাগ আৰু অন্তবিভাগতো কিছু ৰেহাই দিয়া হব।
লগতে ২৫ শতাংশ পেথ’লজি সেৱা ,১৫ শতাংশ ৰেডিঅ’লজি সেৱা ,২৫ শতাংশ ব্লাড’বেংক সেৱা আৰু ৫ শতাংশ ফাৰ্মাচী সেৱাৰ বাবে ৰেহাই দিব বুলিও জনাইছে হাস্পতালখনে।
Photo Credit :Google