দেওবাৰে ডুবাইত অনুষ্ঠিত এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ছয়বাৰৰ বিশ্ব চেম্পিয়ন এম চি মেৰী কমে কাজাখস্তানৰ নাজিম কিজাইবেৰ হাতত বিভাজিত সিদ্ধান্তৰ দ্বাৰা ৫১ কিলোগ্ৰামৰ ফাইনেল মেচখনত পৰাজিত হয়।
মেৰী কমে কাজাখাস্তানৰ নিজিম কাইজাইবাইৰ হাতত ৩-২ ব্যৱধানত পৰাস্ত হয়।
নিজিম কাইজাইবাই ৩৮ বছৰীয়া ভাৰতীয় বক্সিং কিংবদন্তীতকৈ ১১ বছৰ সৰু।
ডুবাইৰ আইবা এছিয়ান এলিট বক্সিং চেম্পিয়নশ্বীপৰ ৫১ কেজি শাখাত মেৰী কমে ৰূপৰ পদক লাভ কৰি পুনৰবাৰ উজলালে দেশ তথা উত্তৰপূৱৰ নাম।
উল্লেখ্য, সোমবাৰে ৬১ কেজি শাখাত ফাইনেলত সোণৰ পদকৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব অসম সন্তান শিৱ থাপাই।
#MaryKom (51 kg) lost 2-3 against two time World Champion Nazym Kyzaibay of #Kazakhstan in the final to settle for silver in the Asian Championships in #Dubai on Sunday.
Reports @tapascancer pic.twitter.com/mHpViOU28w
— DD News (@DDNewslive) May 30, 2021
Photo: Google