লখিমপুৰ জিলাৰ হাৰমতী আৰক্ষী চকীৰ অধীনৰ মেৰবিল বৰদলনী গাঁৱৰ শিক্ষয়ত্ৰী কৃষ্ণা চুতীয়াৰ বাস গৃহত বুধবাৰে সন্ধিয়া ভয়ংকৰ অগ্নিকাণ্ড। কথমপি জীৱন ৰক্ষা পৰিল ঘৰখনৰ বাসিন্দাৰ। সেই সময়ত কৃষ্ণা চুতীয়াৰ তিনিজন পুত্ৰৰ ভিতৰত কোনো এজনো ঘৰত নাছিল। কেৱল ঘৰত দুই বোৱাৰী আৰু দুই কনমানি নাতিৰ সৈতে কৃষ্ণা চুতীয়া ঘৰত আছিল।
জানিব পৰা মতে সন্ধিয়া ধুণাবাঁতিৰ পৰাই জুই লগাৰ সন্দেহ। ইতিমধ্যে স্থানীয় ৰাইজে জুই নিৰ্বাপিত কৰাৰ পিছতহে বিহপুৰীয়া অগ্নিনিৰ্বাপক বাহন ঘটনাস্থলীত উপস্থিত হয়।