নুনমাটিৰ বাছ আস্থানৰ সমীপত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। বাছ আস্থানৰ সমীপত এখন চাহৰ দোকানত সংঘটিত হল এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। কেমেৰাত বন্দী হ’ল জুই লাগি থকাৰ ভয়ংকৰ দৃশ্য। অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলতে দোকানখন সম্পূৰ্ণ ৰূপে জুইত জাহ যায়। স্থানীয় লোকৰ তৎপৰতাত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হয়। অগ্নিনিৰ্বাপক বাহিনীয়ে বহু সময়ৰ অন্তত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়।
জানিব পৰা মতে, চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতে সম্পূৰ্ণ ৰূপে দোকানখন ভস্মীভূত হয়। দোকান খনৰ গৰাকীৰ নাম নৰেন বৈশ্য বুলি জানিব পৰা গৈছে। জুই লগাৰ লগে লগে দোকানখনৰ গৰাকীয়ে পলায়ন কৰি কোনোমতে প্ৰাণ ৰক্ষা কৰে।