কেইবাদিনো ধৰি নেৰানেপেৰাকৈ হৈ থকা বৰষুণৰ ফলত চুবুৰীয়া অৰুণাচল প্ৰদেশত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। চুবুৰীয়া অৰুণাচল প্ৰদেশৰ পাছিঘাট-আল’ সংযোগী পথত বুধবাৰৰ নিশা ভয়ংকৰ ভূমিস্খলন হৈ পথছোৱাত যাতায়াত বন্ধ হৈ পৰে।
এই ভূমিস্খলনৰ ফলত পাহাৰৰ পৰা মাটিৰ লগতে এটা প্ৰকাণ্ড শিল খহি পৰাত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে পাছিঘাট-আল’ সংযোগী পথ। ফলত বুধবাৰে নিশাৰ ভাগৰ পৰা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে যাতায়ত ব্যৱস্থা।