বৃহস্পতিবাৰে বিশেষ ন্যায়াধীশৰ আদালতে অসম লোকসেৱা আয়োগৰ ধনৰ বিনিময়ত চাকৰি কেলেংকাৰীৰ মূল অভিযুক্ত ৰাকেশ পালক চি আই ডিৰ এক গোচৰত জামিন প্ৰদান কৰে। জুন মাহত আদালতে পালৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰণ আইনৰ ৭ আৰু ১৩ (বি) অনুচ্ছেদৰ লগতে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৪২০ৰ অধীনত ছাৰ্জ দাখিল কৰিছিল।
চি আই ডিয়ে সোণ কুমাৰ বৈশ্য নামৰ এজন লোকে দাখিল কৰা অভিযোগৰ ভিত্তিত ৰাকেশ পালৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। অৱশ্যে ভঙাগড় আৰক্ষী থানাত ৰুজু হৈ থকা গোচৰত জামিন লাভ নকৰা হেতুকে ৰাকেশ পাল কাৰাৰুদ্ধ হৈয়ে থাকিব।