ক’ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত এইবছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষা অনুষ্ঠিত কৰিব পৰা নহ’ব বুলি আজি অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটৰ সভাত সিদ্ধান্ত লোৱা হয়।এই সম্পৰ্কে চুড়ান্ত সিদ্ধান্ত অহা ১৮ জুনত লোৱা হ’ব।
উল্লেখযোগ্য যে কিছুদিনৰ আগেয়ে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই কৈছিল যে উক্ত পৰীক্ষা সমূহ জুলাইৰ ১৫ ৰ পৰা ২০ তাৰিখৰ ভিতৰত অনুষ্ঠিত কৰিব পৰা হ’ব যদিহে ক’ভিড সংক্ৰমণৰ হাৰ জুলাই মাহৰ আৰম্ভণীতে ২ শতাংশলৈ নিম্নগামী হয়।