জালুকবাৰী লেখিকা সমাৰোহ সমিতিৰ ঊনত্ৰিংশৎ বৰ্ষৰ দ্বিতীয়খন বৈঠক সভানেত্ৰী প্ৰজ্ঞা গোস্বামীৰ সভাপতিত্বত যোৱা ২৭ মাৰ্চ তাৰিখে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আদৰ্শ ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হয়l শাখাৰ সদস্যাসকলৰ দ্বাৰা পৰিৱেশন কৰা আৰম্ভনী গীতৰ পাছতে সম্পাদিকা গীতিকা দাসে সভাৰ উদেশ্য ব্যাখ্যা কৰেl সভাৰ আৰম্ভনিতে বিশিষ্ট সাহিত্যিক প্ৰণৱ জ্যোতি ডেকা, প্ৰাজ্ঞৰত্ন ভৱ প্ৰসাদ চলিহা, অনুপ গগৈ, বিশ্বেশ্বৰ হাজৰিকা, লতিকা চৌধুৰীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰেl স্বৰচিত লেখা পাঠৰ অনুষ্ঠানত কবিতা পাঠ কৰে ৰেখা বৈশ্য, সীমা ভূঞা, মামণি ভট্টাচাৰ্য্যই l
স্বৰচিত প্ৰবন্ধ পাঠ কৰে বৈজয়ন্তী ৰাভা, দিপ্তীৰেখা পাঠক মজুমদাৰ, অঞ্জু শইকীয়া দত্ত আৰু ড০ মালা চলিহাই l গল্প পাঠ কৰে মামনি শৰ্মা আৰু মণিমা গোস্বামীয়েl সভাত বিজু মেধিয়ে সৌন্দৰ্য চৰ্চাৰ কিছু উপায় প্ৰদান কৰে l অঞ্জনা হাজৰিকা,নিৰ্মালী গোস্বামীয়ে গীত পৰিবেশন কৰেl ড০ ৰঞ্জিতা ভট্টাচাৰ্য্যই হাস্য ৰসাত্মক কৌতুক কোৱাৰ লগতে অপৰ্ণা দেৱীয়ে যোগ অভ্যাসৰ প্ৰয়োজনীয়তা .সন্দৰ্ভত বক্তব্য আগবঢ়ায়। সভাৰ শেষত শাখাৰ সদস্যাসকলে বিহুগীত আৰু বিহুনাচ পৰিবেশন কৰেl সভানেত্ৰীয়ে মন্তব্যত লেখিকাৰ সামাজিক কৰ্তব্যৰ ওপৰত এটি চমু ভাষণ আগবঢ়ায়। অসম সংগীতেৰে সভাৰ সমাপ্তি পৰা সভাত শলাগৰ শৰাই আগবঢ়ায় মণিৰূপা মিশ্ৰই l