ক’ভিড মহামাৰীয়ে সংস্থাপনৰ দিশত বহুখিনি ঋণাত্মক প্রভাৱ পেলোৱাৰ ফলস্বৰূপে এতিয়াও যিসকল যুৱক-যুৱতীয়ে সংস্থাপনৰ সন্ধানত আছে তেওঁলোকৰ বাবে ইক’ ফাইনেন্সে ঘোষণা কৰিলে “মেগা লোণ মেলা”। ক’ভিডৰ পাছত প্ৰথমবাৰৰ বাবে যি সকল যুৱক-যুৱতী আৰু কৃষকে ইলেক্ট্রিক থ্রি-হুইলাৰ আৰু এগ্রিকালচাৰ মেচিনাৰী কিনিবলৈ চিন্তা কৰিছে, তেওঁলোকৰ নিমিত্তে অনুষ্ঠিত কৰা হয় “মেগা লোণ মেলা”।
এই লোণ মেলাৰ সময়ছোৱাত ইক’ ফাইনান্সে (অমশক্তি কমাৰ্চ এণ্ড ইণ্ডাষ্ট্রীজ লিমিটেড) কে.ৱাই.চি নথি-পত্ৰত স্পট ফাইনান্স আগবঢ়াব। একে সময়তে, যদি ঋণকাৰীয়ে তিনি মাহৰ ভিতৰতে ঋণৰ ধন ঘূৰাই দিয়ে, তেন্তে তেওঁলোকৰ পৰা কোনো সুত লোৱা নহ’ব। এক সংবাদমেল অনুষ্ঠিত কৰি মেগা লোণ মেলা পতাৰ
কথা ঘোষণা কৰি ইক’ ফাইনান্স (অমশক্তি কমার্চ এণ্ড ইণ্ডাষ্ট্রীজ লিমিটেড)-ৰ পৰিচালন সঞ্চালক কুমাৰ গৌৰৱে কয় যে অহা ৫ ডিচেম্বৰৰ পৰা ১০ ডিচেম্বৰ, ২০২২ তাৰিখলৈ এই ঋণ মেলাৰ সুবিধা ইক’ ফাইনান্সৰ গুৱাহাটী, ৰঙিয়া, নলবাৰী, গোৱালপাৰা, বৰপেটা, ধুবুৰী, মঙলদৈ, তেজপুৰ, বিশ্বনাথ চাৰিআলি আৰু যোৰহাট শাখাত উপলব্ধ হ’ব।