আজাৰাৰ কাহিকুছিত অৱস্থিত কৃষি বিজ্ঞান কেন্দ্ৰই এক নতুন পন্থা হাতত লয় ৷
অসমৰ কৃষকে কম সময়ত, কম খৰচত কিদৰে মেট নাৰ্ছাৰী পদ্ধতিৰে কৃষি কৰ্ম কৰি আৰ্থিকভাৱে স্বাৱলম্বী হ’ব তাৰ বাবে বুধবাৰে সাধাৰণ কৃষকলৈ এক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰে ৷
বিশেষকৈ বছৰটোত কৃষকসকলে বাৰ মাহে যিকোনো বতৰত খেতি কৰিব পাৰে তাৰ বাবে কৃষি বিজ্ঞান কেন্দ্ৰই অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰণ প্ৰকল্পৰ সহযোগত নিৰ্মাণ কৰা এই মেট নাৰ্ছাৰীৰ এক প্ৰদৰ্শন আৰু প্ৰশিক্ষণৰ অৰ্থে হাজোৰ ভেলাবৰী নামৰ গাঁৱত এই কাৰ্যসূচী অনুষ্ঠিত কৰে ৷
এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অসম পৰ্যটন উন্নয়ন নিগমৰ উপাধ্যক্ষ নৱদ্বীপ কলিতাই ৷
লগতে মেট নাৰ্ছাৰীৰ কৰ্মচাৰী ডঃ মুনমী বৰাই প্ৰকল্পটোৰ মূল লক্ষ্য আৰু উদ্দেশ্যৰ ওপৰত আলোকপাত কৰে ।
অনুষ্ঠানটোত আন্তঃ ৰাষ্ট্ৰীয় ধান গৱেষণা কেন্দ্ৰৰ বিজ্ঞানী ডঃ কস্তুৰী গোস্বামী , গ্ৰাম্য ৰূপান্তৰণ প্ৰকল্পৰ কনিষ্ঠ প্ৰকল্প বিজ্ঞানী কামপিটি চমুৱা , কাৰিকৰী সহায়ক অনন্ত গগৈ , ৰঙিয়াৰ কনিহাৰ উত্তৰণ কৃষি প্ৰডিউচাৰ কোম্পানীৰ কেইবাগৰাকী কৰ্মকর্তা উপস্থিত থাকে ।
উল্লেখ্য, এই প্ৰশিক্ষণ কাৰ্যসূচীত ৬৫ জন কৃষকে অংশগ্ৰহণ কৰে ।