বিগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে হিমন্তবিশ্ব শৰ্মাই আগবঢ়োৱা এক বিশেষ ঘোষণাই সকলো ৰাজনৈতিক সমীকৰণ সলনি কৰি পেলাইছিল। কোনো এক নিৰ্বাচনী সভাত তেওঁ কৰিছিল সেই ঘোষণা- – –
‘মাইক্ৰ’ফাইনেন্সৰ সকলো ঋণ ৰেহাই হ’ব! ঋণৰ ধন আৰু ঘূৰাই দিব নালাগে’।
লগে লগেই যেন নিৰ্বাপিত হৈছিল প্ৰত্যাৱৰ্তনৰ আশাত ৰৈ থকা কংগ্ৰেছ-এ আই ইউ ডি এফ নেতৃত্বাধীন মহাজোঁটৰ সকলো সম্ভাৱনা।যথা সময়ত নিৰ্বাচন অনুষ্ঠিত হৈ গ’ল, সুকলমে গঠন হ’ল বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ। সময় আহিল প্ৰতিশ্ৰুতি পূৰণৰ। কিন্তু প্ৰতিশ্ৰুতি বাস্তৱত ৰূপায়ণ কৰিবলৈ গৈহে স্পষ্ট হ’ল আচল ছৱিখন। অসমৰ ২৬ লাখ মহিলাই মাইক্ৰ’ফাইনেঞ্চৰ পৰা ঋণ হিচাপে লৈ থৈছে হেজাৰ হেজাৰ কোটি টকা। সুতে-মূলে মিলাই সেই ঋণৰ পৰিমাণ হয়গৈ ১২,৫০০ কোটি টকা।
কালি এক সংবাদ মেলত মাইক্ৰ’ফাইনেঞ্চৰ ঋণ ৰেহাইৰ বাবে গঠন কৰা সমিতিৰ অধ্যক্ষ তথা নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংঘালে এই সম্পৰ্কে কেতবোৰ তথ্য সদৰি কৰে। তেওঁ কয় যে মহিলাসকলে মুঠ ৪৬ লাখ বেংক একাউণ্টৰ জৰিয়তে ৪০ টা বিত্তীয় প্ৰতিষ্ঠানৰ পৰা এই সমূহ ঋণ লৈছিল।এই ৪০ টা বিত্তীয় প্ৰতিষ্ঠানৰ ৩৩ টা মাইক্ৰ’ফাইনেঞ্চ প্ৰতিষ্ঠান, ৩ টা বেংক আৰু ৪ টা ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠান।সিংঘালে ঋণ লোৱা মহিলাসকলে কোন প্ৰতিষ্ঠানৰ পৰা কিমান ঋণ লৈছিল তাৰো এক খতিয়ান দাঙি ধৰে।তেওঁ কয় যে ২৫ হাজাৰ টকাৰ তলত ঋণ লোৱা হিতাধিকাৰীৰ সংখ্যা ১০ লাখ ৮২ হাজাৰ। এওঁলোকে লোৱা মুঠ ঋণৰ পৰিমাণ ১,৩৩৪ কোটি টকা অৰ্থাৎ মুঠ ঋণৰ ১১ শতাংশ। ২৫,০০১ টকাৰ পৰা ৫০ হাজাৰ টকাৰ ঋণ লৈ থোৱা মহিলাৰ সংখ্যা ৬ লাখ ৮৯ হাজাৰ।এওঁলোকে লোৱা মুঠ ঋণৰ পৰিমাণ ২,৪৫৬ কোটি টকা অৰ্থাৎ অনাদেয় মুঠ ঋণৰ ২৬ শতাংশ। ৫০,০০১ টকাৰ পৰা ১ লাখ টকা ঋণ লোৱা মুঠ মহিলাৰ সংখ্যা ৫ লাখ ৫৮ হাজাৰ। এওঁলোকে লোৱা ঋণৰ আৰ্থিক মূল্য ৩,৯৮৭ কোটি টকা, যি হয় অনাদেয় মুঠ ঋণৰ ৩২ শতাংশ। আনহাতে , ১ লাখ ২৫ হাজাৰ মহিলাই ১ লাখৰ পৰা ১ লাখ ২৫ হাজাৰ টকা পৰ্যন্ত ঋণ লৈছে। এওঁলোকে আদায় দিবলগীয়া ঋণৰ ধন ১,৩৯৮ কোটি টকা।১ লাখ ৬৯ হাজাৰ মহিলাই ১ লাখ ২৫ হাজাৰতকৈ অধিক টকাৰ ঋণ লৈ থৈছে। এওঁলোকে পৰিশোধ কৰিবলগীয়া আছে ৩,৩৫৮ কোটি টকাৰ ঋণ।
সংবাদমেলত সিংঘালে কয় যে মাত্ৰ এটা প্ৰতিষ্ঠানৰ পৰা ঋণ লোৱা হিতাধিকাৰীৰ সংখ্যা ১৯ লাখ, দুটা বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ লোৱা হিতাধিকাৰীৰ সংখ্যা ৫ লাখ ৮ হাজাৰ। আনহাতে তিনিটা বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ লোৱা হিতাধিকাৰীৰ সংখ্যা ১ লাখ ৫৪ হাজাৰ। ৬০ হাজাৰ হিতাধিকাৰীয়ে আকৌ ৩ টাতকৈ অধিক প্ৰতিষ্ঠানৰ পৰা ঋণ লৈ থৈছে।
তথ্য সমূহ বিস্তাৰিতভাৱে বৰ্ণনা কৰি অশোক সিংঘালে ৰিজাৰ্ভ বেংকৰ গাইড লাইন ভংগ কৰা বিত্তীয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে কঠোৰ হোৱাৰ ইংগিত দিয়ে।এই গাইড লাইন মানি নচলাকৈ ঋণ দিয়া প্ৰতিষ্ঠানক ঋণ ওভোতাই দিবলৈ চৰকাৰ দায়বদ্ধ নহয় বুলিও কয় তেওঁ। ২০২০ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে ঋণ লোৱাসকলকহে ঋণ ৰেহাই সমিতিৰ আওতাৰ ভিতৰত ৰখা হৈছে বুলি স্পষ্ট কৰি দিয়ে সমিতিৰ অধ্যক্ষ সিংঘালে। তেওঁ লগতে কয় যে ঋণ ৰেহাইৰ ক্ষেত্ৰত সমিতিখনে কেতবোৰ চৰ্ত আৰোপৰ কথা চিন্তা কৰিছে। তেওঁৰ বক্তব্য অনুসৰি সাম্ভাব্য চৰ্তসমূহ হ’ব- – – – –
চৰ্ত ১: বাৰ্ষিক আয় ১ লাখ টকাতকৈ কম হোৱা পৰিয়ালেহে ঋণ ৰেহাইৰ সুবিধা লাভ কৰিব।
চৰ্ত ২: আয়কৰ আদায় দিয়া পৰিয়ালে অথবা চাৰিচকীয়া বাহন থকা পৰিয়ালে এই সুবিধা লাভ নকৰে।
চৰ্ত ৩: ২০২০ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে বেংকে ‘নন পাৰ্ফমিং এচেট’ ঘোষণা কৰা ঋণৰ ক্ষেত্ৰত ৰেহাইৰ সুবিধা নাথাকিব।
চৰ্ত ৪: কোনো এক পৰিয়ালৰ এগৰাকীতকৈ অধিক মহিলাই ঋণ লৈ থ’লে ৰেহাই কেৱল এগৰাকীৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ’ব।
উল্লেখ্য যে সমিতিখনে আৰোপ কৰিবলৈ বিচৰা এই সমূহ চৰ্ত সম্বলিত প্ৰতিবেদন চৰকাৰে যদিহে গ্ৰহণ কৰে তেন্তে বৃহৎ সংখ্যক পৰিয়াল ঋণ ৰেহাইৰ চৰকাৰী ঘোষণাৰ আওতাৰ বাহিৰ হ’ব। কাজেই সমগ্ৰ বিষয়টোৱে এতিয়া ৰাজ্যজুৰি চৰ্চা লভিছে।