ভাৰতীয় সেনাই নিজকে আধুনিক আৰু কাৰ্যকৰী কৰিবলৈ প্ৰস্তুতি চলাই আছে।
ভাৰতীয় সেনাত আগন্তুক কেইবাটাও বৰ্ষত ১ লাখ জোৱানক কৰ্তন কৰা হ’ব আৰু তাৰ পৰা হ’বলগীয়া সঞ্চয়ৰ ব্যৱহাৰ জোৱানসকলক নতুন পদ্ধতি দিয়াৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব।
বৰ্তমান ভাৰতীয় সেনাত আছে প্ৰায় ১৪ লাখ জোৱান আৰু এই সংখ্যা কেৱল চীনৰ পিছতহে আছে।
এতিয়া ইয়াৰে সেইসকল সৈনিকৰ সংখ্যা হ্ৰাস কৰা হ’ব যিয়ে জোৱানসকলৰ অভিযানত অংশগ্ৰহণ নকৰে কেৱল ছাৰ্ভিচ আৰু মেকানিকৰ দৰে কাম কৰে।
হ্ৰাস কৰা হ’ব ১ লাখ জোৱান
ইয়াৰ জৰিয়তে সীমান্তত নিয়োজিত জোৱানসকলে উচ্চ ক্ষমতা সম্পন্ন অস্ত্ৰ-শস্ত্ৰ আৰু নতুন সামগ্ৰী লাভ কৰিব।
ৰক্ষা সংসদীয় সমিতিয়ে বিগত মাহতে নিজৰ ৰিপৰ্ট সদনত দাখিল কৰিছে।
এই ৰিপৰ্টত চীফ অফ ডিফেঞ্চ ষ্টাফ জেনেৰেল বিপিন ৰাৱটে নিজৰ মন্তব্য প্ৰদান কৰি কয় যে,
এতিয়া সেনা পদ্ধতিসমূহত অধিকতকৈ অধিক গুৰুত্ব প্ৰদান কৰিব লাগিব আৰু নতুন পদ্ধতিৰ যুদ্ধৰ বাবে সাজু কৰিব বিচাৰে।
তেওঁ ক’লে,
পূৰ্বে সেনা দূৰ এলেকাত নিয়োজিত হৈছিল আৰু তেওঁলোকে নিজৰ ব্যৱস্থা নিজে গ্ৰহণ কৰিব লাগে, কিন্তু এতিয়া আন্তঃগাঁঠনি গঠন হোৱা বাবে তাৰ প্ৰয়োজন নহয়।
Photo: Google