ভাৰতৰ মহান দৌৰবিদ,উৰন্ত শিখ হিচাপে খ্যাত মিলখা সিঙ প্ৰায় এমাহ কাল ক’ভিড- ১৯ ৰ সৈতে যুঁজ দি সুস্থ হৈ উঠিছিল যদিও শুকুৰবাৰে হঠাতে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু ক্ষন্তেক পিছতে মৃত্যুবৰণ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯১ বছৰ। দৌৰবিদ গৰাকীৰ পত্নী নিৰ্মল কৌৰ কিছুদিন পূর্বে ক’ভিডত আক্রান্ত হৈ মৃত্যুমুখত পৰিছিল। আনহাতে, তেওঁৰ পুত্ৰ জীৱ মিলখা সিং আৰু তিনিজনী কন্যা ক’ভিডত আক্ৰান্ত হৈ সুস্থ হৈ উঠিছিল।
ক’ভিড আক্ৰান্ত হোৱাৰ পিছত মিলখা সিঙক ৩ জুনত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। পৰৱৰ্তী সময়ত ক’ভিড পৰীক্ষাত নিগেটিভ হিচাপে চিনাক্ত হোৱাত তেওঁক ক’ভিড আই চি ইউ ৰ পৰা স্থানান্তৰিত কৰা হৈছিল। অৱশ্যে, পৰৱৰ্তী সময়ত জ্বৰ হোৱাত আৰু অক্সিজেনৰ মাত্ৰা হ্রাস পোৱাত পুনৰ পি জি আই এম ই আৰ চিকিৎসালয়ৰ ইনটেনচিভ কেয়াৰ ইউনিটত(আইচিইউ) ভৰ্তি কৰোৱা হয়।
চাৰিবাৰৰ এছিয়ান গেমছৰ স্বৰ্ণ পদক বিজয়ী আৰু ১৯৫৮ চনৰ কমনৱেলথ গেমছ চেম্পিয়ন কিংবদন্তি খেলুৱৈগৰাকীয়ে ১৯৬০ চনৰ ৰোম অলিম্পিকত ব্ৰঞ্জৰ পদক এক ছেকেণ্ডৰ বাবে হেৰুৱাইছিল। তেওঁ ১৯৫৬ আৰু ১৯৬৪ চনৰ অলিম্পিকতো ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। ১৯৫৯ চনত মহান দৌৰবিদ গৰাকীক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছিল।