মন্ত্ৰী অজন্তা নেওগে আজি অসম গেছ কোম্পানী লিমিটেডৰ উদ্যোগত গোলাঘাট নগৰত ঘৰে ঘৰে পাইপ যোগে গেছ যোগান ধৰা আঁচনিৰ শুভাৰম্ভ কৰে। গোলাঘাট এমেচাৰ থিয়েটাৰ হলত আয়োজিত অনুষ্ঠানত অংশ লৈ মন্ত্ৰীগৰাকীয়ে প্ৰথমেই অসম গেছ কোম্পানীক এই আঁচনিৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ গোলাঘাট পৌৰসভাক এসপ্তাহৰ ভিতৰত ইয়াৰ বাবে প্ৰয়োজন হোৱা অনুমতি আৰু অন্যান্য অনুমোদনৰ কামসমূহ সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। আঁচনিখনৰ সফল ৰূপায়নৰ বাবে নগৰখনত থকা প্ৰায় ১০ হাজাৰ গ্ৰাহকৰ সহযোগিতা লাগিব বুলিও তেওঁ উল্লেখ কৰে। গোলাঘাটবাসী ৰাইজক এই আঁচনিৰ সফল ৰূপায়নৰ বাবে পাইপলাইন বহাওঁতে সৃষ্টি হ’ব পৰা সমস্যাসমূহৰ ক্ষেত্ৰত বিভাগ আৰু গেছ কোম্পানীৰ বিষয়া-কৰ্মচাৰীসকলক সহযোগ কৰিবলৈ আহ্বান জনায়।
Today is a special day for people of Golaghat.
Inaugurated Assam Gas Company Ltd's house-to-house piped gas supply scheme in Golaghat town at a function held at Amateur Theater Hall today.I hope this scheme will make it easier & more convenient for people to get gas from now on. pic.twitter.com/SPNQk9qRg9
— Ajanta Neog (Modi Ka Parivar) (@AjantaNeog) August 5, 2022
গোলাঘাটৰ ১৩ টা ৱাৰ্ডৰ ৰাইজে দায়িত্ব ল’লেহে পাইপ লাইন বহুওৱা কাম সময় মতে হৈ উঠিব বুলি ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে। এই কামখিনি কৰোঁতে ৰাস্তা নিৰ্মাণ আৰু পানীৰ পাইপলাইনত যাতে কোনো ক্ষয়-ক্ষতি নহয়, তাৰ বাবে বিষয়টোৰ ওপৰত উপায়ুক্তক নজৰ দিবলৈ তেওঁ আহ্বান জনায়। তাৰ বাবে প্ৰতিটো ৱাৰ্ডত নিৰীক্ষণ সমিতি গঠনৰো তেওঁ পৰামৰ্শ আগবঢ়ায়। পৌৰসভাৰ দুখন পানী যোগান আঁচনিৰ কাম চলি আছে আৰু যমুনা পুনৰুজ্জীৱিতকৰণৰ কাম হাতত লোৱা হৈছে।
অনুষ্ঠানত অসম গেছ কোম্পানীৰ অধ্যক্ষ তথা শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়াই কয় যে কেৱল ৫০০ টকা দি পঞ্জীয়ন কৰিয়েই ৰাইজে পাইপযোগে গেছ লাভ কৰিব। মাহৰ মূৰত মোবাইলৰ যোগেদিয়ে বিল আদায় দিব পাৰিব। পাইপ গেছৰ ব্যৱহাৰৰ ফলত দুৰ্ঘটনা হ্ৰাস পাব লগতে অসমত ১ লাখ লোকক পাইপেৰে গেছৰ সংযোগ দিয়াৰ লক্ষ্য লোৱা হৈছে বুলি উল্লেখ কৰে। এতিয়া গেছৰ কোনো অভাৱ নাই আৰু বোকাখাতলৈকে পাইপেৰে গেছ যোগান ধৰাৰ বাবেও পৰিকল্পনা কৰা হৈছে । গোলাঘাটৰ কাষৰীয়া চাহ বাগিচা সমূহতো গেছ যোগানৰ বাবে চিন্তা কৰা হৈছে বুলি তেওঁ কয়। পঞ্জীয়নৰ বাবে দুই-এদিনতে এটা প’ৰ্টেল মুকলি কৰা হ’ব আৰু সকলোকে এই প’ৰ্টেল বা অফলাইনযোগে পঞ্জীয়ন কৰিবলৈ তেওঁ আহ্বান জনায়।